অসম

assam

ETV Bharat / state

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত নামিল নৱজ্যোতি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী - বৰপেটা জিলাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আহ্বানত নৱজ্যোতি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ব্যাপক প্ৰতিবাদী কাৰ্যসূচী । বিধেয়কখন গৃহীত হ'লে ভয়ংকৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ ছাত্ৰ-ছাত্ৰীৰ ৷

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ নৱজ্যোতি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ

By

Published : Oct 24, 2019, 3:06 PM IST

জনীয়া, 24 অক্টোবৰ: বৃহস্পতিবাৰে ব্যাপক প্ৰতিবাদত নামিল বৰপেটা জিলাৰ নৱজ্যোতি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ৷ বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰীসকলে ৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আহ্বানত নৱজ্যোতি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে শ্ৰেণী বৰ্জন কৰি হাতে-হাতে প্লে কাৰ্ড লৈ মহাবিদ্যালয়ৰ সম্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে এক দীঘলীয়া শাৰি পাতি প্ৰতিবাদী কাৰ্যসূচী পালন কৰে ছাত্ৰ-ছাত্ৰী সকলে ৷ লগতে চৰকাৰে জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিলে ভয়ংকৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ।

উল্লেখ্য যে, 1971 চনৰ পূৰ্বে অহা সকলো জাতি ধৰ্মৰ মানুহক মানি লোৱাৰ বিপৰীতে 1971 চনৰ পাছত অসমত প্ৰৱেশ কৰা হিন্দু-মুছলমান কোনো লোককে মানি লোৱা নহ'ব বুলি স্পষ্টকৈ প্ৰকাশ কৰে ছাত্ৰ-ছাত্ৰীয়ে ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details