অসম

assam

ETV Bharat / state

Nava Sristi program in Barpeta: বৰপেটাত নৱ সৃষ্টি সমাৰোহৰ সম্বৰ্ধনা তথা বঁটা প্ৰদান অনুষ্ঠান

বৰপেটাত আয়োজন নৱ সৃষ্টি সমাৰোহৰ সম্বৰ্ধনা আৰু বঁটা প্ৰদান অনুষ্ঠান ৷ এই অনুষ্ঠানত নাট্য ৰত্ন বঁটা, সাহিত্য সংগঠক বঁটা, শিল্পী প্ৰাণ বঁটা, সত্ৰীয়া সাধক বঁটা, সাহিত্য সাধনা বঁটা ক্ৰমে বিবেকাৰঞ্জন ৰায়চৌধুৰী, গোবিন্দ তালুকদাৰ,প্ৰমথৰঞ্জন দাস, মৃগেন্দ্ৰ নাথ তালুকদাৰ আৰু খবিৰ আহমেদক প্ৰদান কৰা হয় ৷

Etv Bharat
Etv Bharat

By

Published : Jul 31, 2023, 9:42 AM IST

বৰপেটাত নৱ সৃষ্টি সমাৰোহৰ সম্বৰ্ধনা তথা বঁটা প্ৰদান অনুষ্ঠান

বৰপেটা, 31 জুলাই : দেওবাৰে বৰপেটা প্ৰেছ ক্লাৱত আয়োজন কৰা হয় এক বঁটা প্ৰদান অনুষ্ঠান ৷ বৰপেটাৰ নৱ সৃষ্টি সমাৰোহ সমিতিয়ে আয়োজন কৰা এই অনুষ্ঠানত বৰপেটাৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক বঁটা আৰু বৰপেটা গৌৰৱ সন্মান প্ৰদান কৰে ৷

জ্যেষ্ঠ সাংবাদিক নিতুমনি শইকীয়া, অক্ষয় কুমাৰ মিশ্ৰ, আৰণ্যক শইকীয়াকে প্ৰমুখ্য কৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰে ৷ এই অনুষ্ঠানতে ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত শিক্ষক, অক্লান্ত নাট্যযোদ্ধা বিবেকাৰঞ্জন ৰায়চৌধুৰীক "নাট্য ৰত্ন" বঁটা, গোবিন্দ তালুকদাৰক বিজনলাল চৌধুৰী সোঁৱৰণী "সাহিত্য সংগঠক" বঁটা আৰু সত্ৰীয়া আৰু হোলীগীতৰ শিল্পী প্ৰমথৰঞ্জন দাসক "শিল্পী প্ৰাণ" বঁটা প্ৰদান কৰা হয় ৷

উক্ত অনুষ্ঠানতে মৃগেন্দ্ৰ নাথ তালুকদাৰক "সত্ৰীয়া সাধক" বঁটা আৰু খবিৰ আহমেদক "সাহিত্য সাধনা" বঁটা প্ৰদান কৰা হয় ৷ অৱশ্যে জীৱনজোৰা সাধনাৰ স্বীকৃতি স্বৰূপে শাস্ত্ৰীয় সংগীত সাধনা বটাপ্ৰাপ্ত সত্যকৃষ্ণ মিশ্ৰই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে ৷ উক্ত অনুষ্ঠানতে বৰপেটালৈ গৌৰৱ কঢ়িয়াই অনা সতীশ চন্দ্ৰ দাস, কৌশিক দাস, দয়াল দাস আৰু দীপাঞ্জলী পাঠকক বৰপেটা গৌৰৱ সন্মান প্ৰদান কৰা হয় ।

এই অনুষ্ঠানত অংশ লৈ জ্যেষ্ঠ সাংবাদিক নিতুমনি শইকীয়াই বৰপেটাত নতুনকৈ গঠিত নৱ সৃষ্টি সমাৰোহ অনুষ্ঠানটোক বৰপেটাৰ ভিতৰতে এক অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান হিচাপে গঢ়ি তুলি কাম কৰি যাবলৈ আহ্বান জনায় ৷ এই বঁটা প্ৰদান অনুষ্ঠানতে শিখা বায়ন ভূঞাৰ ‘‘ধাননিৰ বুকুত সোণোৱালী ৰ’দ’’ আৰু ‘‘আকাশৰ বুকুত জোনৰ চাকি’’ শীৰ্ষক দুখন কবিতাৰ সংকলন গ্ৰন্থ উন্মোচন কৰে বৰপেটাৰ অতিৰিক্ত আয়ুক্ত লখিমী দত্তই ৷

লগতে পঢ়ক :Training in pistol riding: মঙলদৈত বজৰং দলৰ কৰ্মীক বন্দুক চালনাৰ চাৰিদিনীয়া প্ৰশিক্ষণ

ABOUT THE AUTHOR

...view details