অসম

assam

বৰপেটাত উদযাপন ৰাষ্ট্ৰীয় ভোটাৰ দিৱস

By

Published : Jan 25, 2021, 6:07 PM IST

বৰপেটাত সমাজ কল্যাণ বিভাগৰ উদ্যোগত মন্দিয়া শিশু সংহত উন্নয়ন প্ৰকল্পৰ তথা বৰপেটাৰ চাৰ্কোল চুপাৰভাইজাৰ মিনা ভূঞাই প্ৰভাত ফেৰী কাৰ্যসূচীৰ জৰিয়তে উদযাপন কৰে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস ৷

বৰপেটাত উদযাপন ৰাষ্ট্ৰীয় ভোটাৰ দিৱস
বৰপেটাত উদযাপন ৰাষ্ট্ৰীয় ভোটাৰ দিৱস

বৰপেটা, 25 জানুৱাৰী : গণৰাজ্য দিৱসৰ এদিন পূৰ্বে অৰ্থাৎ সোমবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত একাদশ ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হৈছে ৷ ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে বৰপেটাত উলিওৱা হৈছে এক সমদল ৷ ভোটাৰ সকলক বিশেষকৈ দ্বি-ভোটাৰ সকলৰ মাজত সজাগতা সৃষ্টিৰ হেতুকে এই দিৱস উদযাপন কৰা হয় ৷ যাতে ভাৰতৰ প্ৰত্যেক গৰাকী নাগৰিকৰে গণতান্ত্ৰিক ভেঁটি সু-দৃঢ় হয় আৰু এখন সুস্থ সমাজ গঢ়ি তুলাত যাতে ভাৰতৰ প্ৰতিজন নাগৰিকে সহায়ৰ হাত আগবঢ়াব পাৰে ৷

বৰপেটাতসমাজ কল্যাণ বিভাগৰ উদ্যোগত মন্দিয়া শিশু সংহত উন্নয়ন প্ৰকল্পৰ তথা বৰপেটাৰ চাৰ্কোল চুপাৰভাইজাৰ মিনা ভূঞাই প্ৰভাত ফেৰী কাৰ্যসূচীৰ জৰিয়তে উদযাপন কৰে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস ৷ এই প্ৰভাত ফেৰীৰ লক্ষ্য হৈছে বিশেষকৈ মহিলা ভোটাৰ সকলক ভোটদান সম্পৰ্কে সজাগ কৰি তুলা ৷ বিভিন্ন ধৰণৰ সজাগতা মূলক শ্লোগান আৰু এজন সু-নাগৰিক হিচাপে ভোটদানৰ সংকল্প গ্ৰহণ কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী পালন কৰা হয় ৷

লগতে পঢ়ক :কয়লাখনিত মৃত্যু হোৱা শ্ৰমিকৰ বাসগৃহত উপস্থিত ছিদ্দিক আহমেদ

ABOUT THE AUTHOR

...view details