অসম

assam

Run for unity : বৰপেটাত পালন ৰাষ্ট্ৰীয় একতা দিৱস

By

Published : Oct 31, 2022, 9:52 AM IST

আজি ৰাষ্ট্ৰীয় একতা দিৱস (National Unity Day 2022) ৷ এই দিৱসৰ লগত সংগতি ৰাখি বৰপেটা জিলা আৰক্ষীৰ উদ্যোগত আয়োজন কৰা হয় দৌৰৰ কাৰ্যসূচী ৷ এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বৰপেটাৰ জিলা উপায়ুক্ত আয়ুষ গৰ্গে ৷

বৰপেটাত পালন ৰাষ্ট্ৰীয় একতা দিৱস
বৰপেটাত পালন ৰাষ্ট্ৰীয় একতা দিৱস

বৰপেটা, 31 অক্টোবৰ :আজি ৰাষ্ট্ৰীয় একতা দিৱস (National Unity Day 2022) ৷ চৰ্দাৰ বল্লভভাই পেটেলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ অৰ্থে ভাৰত চৰকাৰে ২০১৪ চনৰ পৰা আয়োজন কৰি আহিছে এই দিৱস । চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে 31 অক্টোবৰত অৰ্থাৎ আজিৰ দিনটোত পালন কৰা হয় ৰাষ্ট্ৰীয় একতা দিৱস ।

স্বাধীন ভাৰতৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী তথা প্ৰথমগৰাকী গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিনৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় আয়োজিত কাৰ্যসূচীত পেটেলৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ দেশৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ অসমতো পালন কৰা হয় ৰাষ্ট্ৰীয় একতা দিৱস ৷

দিৱসৰ লগত সংগতি ৰাখি পুৱা গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামৰ পৰা বাহিৰ কৰা একতাৰ বাবে দৌৰ শীৰ্ষক এটা ৰেলী য’ত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ একেধৰণে বৰপেটাতো দেখা গ’ল লৌহমানৱগৰাকীৰ জন্মদিনৰ লগত সংগতি ৰাখি পালন কৰা ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্যসূচী ৷

বৰপেটাত পালন ৰাষ্ট্ৰীয় একতা দিৱস

দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় একতা দৌৰ (Run of Unity on the occasion of National Unity Day) ৷ বৰপেটা আৰক্ষী, জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকলৰ লগতে বৰপেটাৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ হেজাৰোধিক ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ লোকে ভাগ লোৱা একতাৰ দৌৰে বৰপেটা চহৰৰ মূল পথসমূহ সামৰি লয় (Run for unity)।

বৰপেটাত পালন ৰাষ্ট্ৰীয় একতা দিৱস

বৰপেটা জিলা আৰক্ষীৰ উদ্যোগত আয়োজিত এই দৌৰৰ কাৰ্যসূচীৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে বৰপেটাৰ জিলা উপায়ুক্ত আয়ুষ গৰ্গে ৷ বৰপেটা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পৰা শুভাৰম্ভ হোৱা এই অনুষ্ঠানত উপায়ুক্তগৰাকীয়ে দিয়া ভাষণ প্ৰসংগত চৰ্দাৰ বল্লভভাই পেটেলে স্বাধীন ভাৰতক শক্তিশালী ৰূপ দিয়াৰ ক্ষেত্ৰত গ্ৰহণ কৰা অৱদানৰ কথা বাখ্যা কৰে ।

লৌহ মানৱগৰাকীৰ কৰ্মৰ অনুপ্ৰেৰণাৰে সমাজৰ প্ৰতিজন লোকক অখণ্ডতা ৰক্ষা কৰি ভাৰতক অধিক শক্তিশালী কৰাত ভুমিকা ল'বলৈ উপায়ুক্ত গৰকীয়ে আহ্বান জনায় । ইপিনে একতা দৌৰত অংশগ্ৰহন কৰা প্ৰতিগৰাকী লোকেই ৰাষ্ট্ৰীয় একতা আৰু অখণ্ডতাৰ শপত লয় ৷

লগতে পঢ়ক :Run for unity: টীয়কত ৰাষ্ট্ৰীয় একতা দিৱস পালন

ABOUT THE AUTHOR

...view details