বৰপেটা, 11 নৱেম্বৰ : প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে গুৱাহাটীত ফটকাৰ বিক্ৰী আৰু ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰাৰ লগতে ৰাজ্যৰ আন প্ৰান্তত দুঘন্টাৰ বাবেহে ফটকা ব্যৱহাৰৰ অনুমতিৰ নিৰ্দেশনাক লৈ বৰপেটাৰ আতচবাজী শিল্পীসকল বিপাঙত পৰিছে ৷
প্ৰায় 9 মাহ ধৰি ব্যৱসায় বন্ধ হৈ থকা বৰপেটাৰ আতচবাজী লোকসকলে দীপাৱলীৰ বাবে আতচবাজী প্ৰস্তুত কৰিছিল কিন্তু সেউজ ন্যায়াধীকৰণ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে গুৱাহাটীত ফটকাৰ বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰাৰ পিচত বৰপেটাৰ আতচবাজী পৰিয়াল সমূহলৈ নামি আহিছে সংকট ৷
লগতে পঢ়ক :বিহাৰ নিৰ্বাচন : এক্সজিট প’লক ভুল প্ৰমাণিত কৰিলে এনডিএয়ে
এইক্ষেত্ৰত বৰপেটাৰ আতচবাজীৰ লগত জড়িত ৰীতামনি পাঠকে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ এই নিৰ্দেশনা কাৰ্যকৰী হলে আতচবাজী শিল্পীসকল জীয়াই থকাতো টান হ'ব বুলি মন্তব্য কৰিছে ৷ গুৱাহাটীত বৰপেটাৰ আতচবাজীৰ ব্যাপক চাহিদা আছে ৷ যদিহে গুৱাহাটীত চৰকাৰে আতচবাজী বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰে তেন্তে বিভিন্ন ধৰণৰ ক্ষতিৰ সন্মুখীন হ'ব বৰপেটাৰ এই সমূহ পৰিয়ালে ৷