বৰপেটা, 24 জানুৱাৰী :বৰপেটাৰ কলগাছিয়াত কন্যা শিশু দিৱস উদযাপন। বৰপেটাৰ মহিলা শক্তি কেন্দ্ৰৰ সহযোগত আৰু ৰূপসী সংহত শিশু উন্নয়ণ প্ৰকল্প বিষয়াৰ অধীনত পালন কৰা হয় কন্যা বচাওক কন্যা পঢ়াওক অভিযানৰ । কলগাছিয়া ৰূপসী সংহত শিশু উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ পৰা হাতত প্লে কাৰ্ড লৈ শতাধিক লোকে লিংগ বৈষম্যতা পৰিহাৰ কৰক,কন্যাৰ জীৱন আৰু সুৰক্ষা সুনিশ্চিত কৰক,কন্যাৰ শিক্ষা সুনিশ্চিত কৰা আদি দাবীৰ উলিয়াই এই সমদল।
কলগাছিয়া ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন - National girl child day
"কন্যা আৰু ল'ৰাৰ মাজত কোনো পাৰ্থক্য নাই। পুত্ৰ সন্তানৰ সমানেই কন্যা সন্তানকো গুৰুত্ব দিব লাগে"। জনসাধাৰণৰ মাজত এই বাৰ্তা প্ৰেৰণৰ উদ্দেশ্যে আয়োজন কৰা হয় সমদলৰ ৷

কলগাছিয়া ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন
কলগাছিয়া ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন
সমদলৰ পাছত এখন বাটৰ নাট প্ৰদৰ্শন কৰে সমদলকাৰীসকলে ৷ "কন্যা আৰু ল'ৰাৰ মাজত কোনো পাৰ্থক্য নাই । পুত্ৰ সন্তানৰ সমানেই কন্যা সন্তানকো গুৰুত্ব দিব লাগে" । জনসাধাৰণৰ মাজত এই বাৰ্তা প্ৰেৰণ কৰাই বৰপেটাৰ মহিলা শক্তি কেন্দ্ৰ আৰু ৰূপসী সংহত শিশু উন্নয়ণ প্ৰকল্পৰ মূল উদ্দেশ্য ৷
লগতে পঢ়কঃ বাজেট 2020: অধিক বিনিয়োগ, সঠিক বিনিয়োগ