অসম

assam

ETV Bharat / state

নলবাৰী আৰু বৰপেটাত ক'ভিডৰ শেহতীয়া স্থিতি - কৰ'ণা মহামাৰী

নলবাৰী জিলাত ক'ভিড আক্ৰান্তৰ সংখ্যা 5,622 গৰাকীলৈ বৃদ্ধি হোৱাৰ বিপৰীতে বৰপেটা জিলাত আক্ৰান্তৰ সংখ্যা ৬,৪৩৭ গৰাকীলৈ বৃদ্ধি ৷

নলবাৰী আৰু বৰপেটাত ক'ভিডৰ শেহতীয়া স্থিতি
নলবাৰী আৰু বৰপেটাত ক'ভিডৰ শেহতীয়া স্থিতি

By

Published : Jun 8, 2021, 10:19 AM IST

নলবাৰী/বৰপেটা,8 জুন: ৰাজ্যত ক্ৰমান্বয়ে ভয়াৱহ ৰূপ লৈছে কৰ'ণা মহামাৰীয়ে ৷ সোমবাৰৰ দিনটোত নলবাৰী আৰু বৰপেটা জিলাত বৃদ্ধি পাই কৰ'ণা মহামাৰীত আক্ৰান্তৰ সংখ্যা ৷

সোমবাৰৰ দিনটোলৈকে নলবাৰী জিলাখনত আক্ৰান্তৰ সংখ্যা 5,622 গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে হোম আইচলেচনত আছে 885 গৰাকী ৷ ইপিনে, জিলাখনৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত 86 গৰাকী, বেলশৰ ম'ডেল হাস্পতালত 14 গৰাকী আৰু মাখিবাহা আদৰ্শ হাস্পতালত চিকিৎসাধীন হৈ আছে 13 গৰাকী ব্যক্তি ৷ সমান্তৰালকৈ মহাত্মা গান্ধী মডেল হাস্পতাল খাতিকুছিত 15 গৰাকী, সাৰথি চিকিৎসালয়ত 9 গৰাকী আৰু আদাবাৰী মডেল চিকিৎসালয়ত 6 গৰাকী কৰ’ণা ৰোগী চিকিৎসাধীন হৈ আছে ৷

নলবাৰীত কৰ’ণা ভাইৰাছৰ শেহতীয়া স্থিতি

উল্লেখ্য যে, জিএমচিএইচ, এমএমচিএইচ আৰু কালাপাহাৰৰ ক'ভিড চিকিৎসালয়লৈ 37 গৰাকী ৰোগীক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰে জিলা স্বাস্থ্য বিভাগে । সোমবাৰৰ দিনটোত ক'ভিড মুক্ত হ'ল জিলাখনৰ 78 গৰাকীকৈ লোক । ইফালে জিলাখনৰ কেইবাখনো চিকিৎসালয় আৰু ক'ভিড পৰীক্ষা কেন্দ্ৰত ৰেপিড এণ্টিজেন টেষ্ট সম্পন্ন কৰা হয় 1,692 গৰাকীৰ আৰু 49 টা RTPCR টেষ্ট কৰা হয় ৷

ইয়াৰোপৰি বৰপেটা জিলাত সোমবাৰৰ দিনটোত কৰ'ণাত আক্ৰান্তৰ হাৰ হৈছে ১.৮৮ শতাংশ । জিলাখনত বৰ্তমানলৈকে ৬,৪৩৭ গৰাকীলৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে মৃত্যু হোৱা লোকৰ সংখ্যা ৯৮ গৰাকীলৈ বৃদ্ধি পায় ৷ ইপিনে, জিলাখনত সোমবাৰে নতুনকৈ ১২৯ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে ৷ জিলাখনত বৰ্তমান চিকিৎসাধীন অৱস্থাত থকা ৰোগীৰ সংখ্যা হৈছে ১,৮৮০ গৰাকী ৷

বৰপেটাত কৰ’ণা ভাইৰাছৰ শেহতীয়া স্থিতি

অন্য এক খবৰৰ বাবে:আনন্দ মিশ্ৰৰ বিৰুদ্ধে NIA পৰ্যায়ৰ তদন্তৰ দাবী

ABOUT THE AUTHOR

...view details