অসম

assam

ETV Bharat / state

'বৰপেটা কাণ্ড' হিচাপে অভিহিত কৰিব বিচৰা কাৰ্যৰ প্ৰতিবাদ - ইটিভি ভাৰত

একাংশ দল সংগঠন আৰু সংবাদ মাধ্যমে বৰপেটাত সংঘটিত হোৱা ঘটনাটোক 'বৰপেটা কাণ্ড' হিচাপে অভিহিত কৰিব বিচৰা কাৰ্যৰো প্ৰতিবাদ জনায় ৷ এ়য়া এক বিক্ষিপ্ত ঘটনা হিচাপে অভিহিত কৰি ঘটনাটোৰ সৈতে জৰিত কোনো লোককে বৰপেটাৰ সমাজজীৱনে প্ৰশ্ৰয় নিদিয়ে আৰু ইয়াৰ বিৰোধিতা কৰি যাব বুলিও নাগৰিক সভাই ঐক্যমত্য প্ৰকাশ কৰে ৷

BARPETA

By

Published : Jun 23, 2019, 6:00 PM IST

বৰপেটা, 23 জুনঃ সত্ৰ নগৰী বৰপেটাৰ সমাজ-সংস্কৃতিক কলূষিত কৰি ৰাম সেনাৰ নামত মুছলমান যুৱকক আতিশয্য চলোৱা ঘটনাৰ প্ৰতিবাদত দেওবাৰে বৰপেটাত অনুষ্ঠিত হয় নাগৰিক সভা ৷ ঐতিহ্যক্ষেত্ৰ বৰপেটাৰ সাতামপুৰুষীয়া ঐক্য- সম্প্ৰীতি বিনষ্ট কৰিব পৰা আৰু সাম্প্ৰদায়িক সংঘাত-সংঘৰ্ষ সৃষ্টিৰ উদ্দেশ্যেৰে উগ্ৰ হিন্দুত্ববাদী চিন্তাৰে একাংশ মুছলমান যুৱকক চলোৱা আতিশয্যৰ ঘোৰ নিন্দা কৰে নাগৰিক সমাজে ৷ বৰপেটাৰ মাজমজিয়াত কেইজনমান মুছলমান সম্প্ৰদায়ৰ যুৱকক বলপূৰ্বক জয় শ্ৰীৰাম ধ্বনি দিবলৈ বাধ্য কৰাইছিল কেইজনমান উদণ্ড যুৱকে ৷ ৰাম সেনাৰ নাম লৈ আনৰ ধৰ্মীয় অনুভূতিত আঘাত হনা এনে কাৰ্যক নাগৰিকসভাই ৰাজহুৱাকৈ গৰিহণা দিয়াৰ লগতে এনেকুৱা ঘটনাৰ যাতে ভৱিষ্যতে কেতিয়াও পুনৰাবৃত্তি নহয় তাৰ বাবে সংশ্লিষ্ট সকলো পক্ষৰ প্ৰতি আহ্বান জনায় ৷

'বৰপেটা কাণ্ড' হিচাপে অভিহিত কৰিব বিচৰা কাৰ্যৰ প্ৰতিবাদ

আনহাতে, ঘটনাৰ লগত জড়িত দুস্কৃতিকাৰীসকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণৰো দাবী জনায় ৷ আনহাতে একাংশ দল সংগঠন আৰু সংবাদ মাধ্যমে বৰপেটাত সংঘটিত হোৱা ঘটনাটোক 'বৰপেটা কাণ্ড' হিচাপে অভিহিত কৰিব বিচৰা কাৰ্যৰো প্ৰতিবাদ জনায় ৷ এ়য়া এক বিক্ষিপ্ত ঘটনা হিচাপে অভিহিত কৰি ঘটনাটোৰ সৈতে জড়িত কোনো লোককে বৰপেটাৰ সমাজজীৱনে প্ৰশ্ৰয় নিদিয়ে আৰু ইয়াৰ বিৰোধিতা কৰি যাব বুলিও নাগৰিক সভাই ঐক্যমত্য প্ৰকাশ কৰে ৷

বৰপেটাৰ নাগৰিক সমাজৰ উদ্যোগত অনুষ্ঠিত হোৱা নাগৰিক সভাখনত বিশিষ্ট সাহিত্যিক-শিক্ষাবিদ-শিক্ষাৰত্ন বঁটা প্ৰাপক অক্ষয় কুমাৰ মিশ্ৰ, মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক-লেখক ড০ বাবুল চন্দ্ৰ দাস, ড০ কেশৱ চন্দ্ৰ ডাকুৱা, বিশিষ্ট চিকিৎসক-সমাজ কৰ্মী ডাঃ চৈয়দ আহমেদ জাদিদ, বিশিষ্ট নাট্যকাৰ লিয়াকৎ আলী, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক গোবিন্দ তালুকদাৰকে ধৰি বহু বিশিষ্ট নাগৰিকে অংশগ্ৰহণ কৰে ।

ABOUT THE AUTHOR

...view details