অসম

assam

ETV Bharat / state

প্ৰমীলা ৰাণীক বলিৰ পঠা সজাইছে হাগ্ৰামাইঃ নৱ শৰণীয়া

বুধবাৰে পাঠশালাত কোকৰাঝাৰৰ বৰ্তমানৰ সাংসদ তথা সমষ্টিটোৰ নিৰ্দলীয় প্ৰাৰ্থী নৱ শৰণীয়াৰ মন্তব্য

By

Published : Apr 10, 2019, 5:48 PM IST

প্ৰমীলা ৰাণীক বলিৰ পঠা হাগ্ৰামাৰ

পাঠশালা, 10 এপ্ৰিলঃ কোকৰাঝাৰৰ বৰ্তমানৰ সাংসদ তথা সমষ্টিটোৰ নিৰ্দলীয় প্ৰাৰ্থী নৱ শৰণীয়াৰ মন্তব্য ৷ প্ৰমীলা ৰাণী ব্ৰহ্মক বলীৰ পঠা সজাইছে হাগ্ৰামা মহিলাৰীয়ে ৷ নৱ শৰণীয়াৰ বিৰুদ্ধে নিৰ্বাচন খেলি বলীৰ পঠা হোৱাটো দুৰ্ভাগ্যজনক ৷ বুধবাৰে পাঠশালাত এনেদৰে মন্তব্য কৰে সাংসদ নৱ শৰণীয়াই ৷

প্ৰমীলা ৰাণীক বলিৰ পঠা হাগ্ৰামাৰ

ইপিনে এবছুৰ সভাপতি প্ৰমোদ বড়োৱে নৱ শৰণীয়াই আলফাত থাকোতে গীতা ভাগৱত পঢ়া অথবা বাঁহী বজাইছিল নেকি কৰা প্ৰশ্নৰ উত্তৰত সশস্ত্ৰ সংগ্ৰামক প্ৰকৃতাৰ্থত এক ক'লা আখ্যা দিয়াৰ লগতে এই মন্তব্যৰ দ্বাৰা প্ৰমোদ বড়োৱে অসমৰ বিপ্লৱী সত্তাক অপমান কৰা বুলি অভিযোগ নৱ শৰণীয়াৰ ৷ আনহাতে বদৰুদ্দিন আজমলে কেইটামান বড়ো ভোটৰ স্বাৰ্থত ইউ পি পি এলৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মক সমৰ্থন কৰিছে বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details