অসম

assam

ETV Bharat / state

কাৰাবন্দী হাচিবুলৰ মৃত্যু প্ৰকৃততে আত্মহত্যা আছিল নে ? - হাচিবুল

জনীয়াৰ ডাউকমাৰীত হাচিবুল ইছলামৰ বৰপেটাৰ জেলত আত্মহত্যা । পৰিয়ালৰ লোকৰ মতে এয়া আত্মহত্যা নহয় এক পৰিকল্পিত হত্যাকাণ্ড । গভীৰ ষড়যন্ত্ৰ কৰি হত্যা কৰা হৈছিল নেকি হাচিবুলক !

mystery-of-prisoners-death-in-district-jail-barpeta
কাৰাবন্দী হাচিবুলৰ মৃত্যু প্ৰকৃততে আত্মহত্যা আছিল নে ?

By

Published : Oct 15, 2021, 9:01 PM IST

জনিয়া, 15 অক্টোবৰ :কাৰাগাৰৰ ভিতৰতে এজন কাৰাবন্দীয়ে আত্মহত্যা কৰাৰ ঘটনাই শেহতীয়াকৈ জোকাৰি গৈছে বৰপেটা জিলা কাৰাগাৰ তথা সমগ্ৰ জিলাখনকে ৷ মঙলবাৰে জিলা কাৰাগাৰৰ শৌচালয়ৰ ভেন্টিলেটৰত চীপ লৈ আত্মহত্যা কৰিছিল হাচিবুল হাচান (২২) নামৰ কাৰাবন্দী যুৱকজনে ৷ কিন্তু, এই ঘটনাক সাধাৰণ আত্মহত্যাৰ ঘটনা হিচাপে মানি ল’ব পৰা নাই মৃত হাচিবুলৰ পৰিয়ালে ৷

কাৰাবন্দী হাচিবুলৰ মৃত্যু প্ৰকৃততে আত্মহত্যা আছিল নে ?

অৱশ্যে, কাৰাগাৰখনৰ অধীক্ষক গৰাকীয়ে কৰা মন্তব্য অনুসৰি, একালৰ প্ৰেমিকাৰ আন কাৰোবাৰ সৈতে বিবাহ সম্পন্ন হোৱাকলৈ হতাশ হৈ পৰিছিল হাচিবুল ৷ অধীক্ষক গৰাকীয়ে লগতে কয় যে, এই হতাশাৰ কথা কাৰাগাৰখনৰ আন লোক সকলোকো অৱগত কৰিছিল মৃত হাচিবুলে ৷ কিন্তু, এই ঘটনাকলৈ এতিয়া পুনৰ উন্মোচিত হৈছে আন এক দিশ ৷

উল্লেখ যোগ্য যে, বৰপেটা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ডাউকমাৰী গাৱৰ হুছেইন আলীৰ পুত্ৰ হাচিবুল ইছলামক কিছুদিন পূৰ্বে বৰপেটা সদৰ থানাৰ আৰক্ষীয়ে উক্ত গাঁৱৰে এগৰাকী কিশেৰীক পলুৱাই নিয়াৰ পিছত গ্ৰেপ্তাৰ কৰি জেল হাজোত লৈ প্ৰেৰণ কৰা হৈছিল ।

পৰিয়ালৰ লোকে দাবী কৰিছে যে, হাছিবুলক জামিনত মুক্তি আৰু দুয়োপক্ষৰ লগত আপোচ কৰি দিয়াৰ বাবে বাংলীপাৰা গাঁৱৰ আফাজ উদ্দিন বেপাৰীয়ে তেওঁৰ পৰিয়ালৰ পৰা ১০ লাখ টকা দাবী কৰিছিল । কিন্তু টকা নিদিলে হাচিবুলক জামিনত আনিব নোৱাৰে আৰু তেওঁৰ মৃত্যুমুখ দেখিবলৈ পাব বুলি ভাবুকি দিছিল লোকজনে । ইয়াৰোপৰি, জনীয়া গাঁও পঞ্চায়তৰ সদস্য জিন্নত আলীয়েও হাচিবুলক গ্ৰেপ্তাৰ কৰাৰ আগতেই জামিন আনি দিবলৈ দহ হাজাৰ টকা পৰিয়ালৰ পৰা উৎকোচ লোৱাৰ অভিযোগ কৰিছে হাচিবুলৰ পৰিয়ালে ৷

কিন্তু হাচিবুলক পুলিচৰ হাতত গতাই দি টকা খিনি আত্মসাৎ কৰি জিন্নত আলীয়ে পলায়ন কৰে বুলি অভিযোগ কৰিছে হাছিবুলৰ পৰিয়ালে । উল্লেখযোগ্য যে, জেলখানাত হাচিবুলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে জেলৰ কৰ্মচাৰী ৰঞ্জিত বায়নে ৬০ হাজাৰ টকা উৎকোচ লোৱাৰো অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে । এতিয়া প্ৰশ্ন হয় প্ৰকৃততেই আত্মহত্যা কৰিছিল নে কাৰাবন্দীজনে ? সম্প্ৰতি ঘটনা সন্দৰ্ভত সঠিক তদন্তৰ দাবী জনাইছে মৃত হাচিবুলৰ পৰিয়ালে ৷

লগতে পঢ়ক :পুত্ৰ-কন্যাক বিহ পান কৰোৱাই চিপ ল’লে মাতৃয়ে

ABOUT THE AUTHOR

...view details