অসম

assam

By

Published : Dec 18, 2021, 10:04 PM IST

Updated : Dec 18, 2021, 10:57 PM IST

ETV Bharat / state

Students Dead: ছাত্ৰীৰ ৰহস্যজনক মৃত্যুত উত্তাল বৰপেটাৰোড

এগৰাকী ছাত্ৰীৰ ৰহস্যজনক মৃত্যুৰ পিছতে(Mysterious death of a student in Barpeta Road) শনিবাৰে এক উত্তাল পৰিৱেশৰ সৃষ্টি হয় বৰপেটাৰোডত ৷ ১৫ ডিচেম্বৰৰ সন্ধিয়াৰ পৰা নিৰুদ্দেশ হৈ থকা ছাত্ৰীগৰাকীৰ মৃতদেহ শুকুৰবাৰে উদ্ধাৰ হোৱাৰ পিছতে শনিবাৰে শ শ লোকে হত্যাকাৰীক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷

Students Dead
ছাত্ৰীৰ ৰহস্যজনক মৃত্যুত উত্তাল বৰপেটাৰোড

বৰপেটাৰোড, 18 ডিচেম্বৰ : বৰপেটাৰোডৰ মানসপুৰৰ ইছিকা সাহা নামৰ এগৰাকী ছাত্ৰীৰ ৰহস্যজনক মৃত্যু (Mysterious death of a student in Barpeta Road)ৰ পিছতে শনিবাৰে বৰপেটাৰোডত এক উত্তাল পৰিৱেশৰ সৃষ্টি হয় ৷ বৰপেটাৰোডত প্ৰায় তিনি শতাধিক লোকে ইছিকা সাহাৰ মৃতদেহ লৈ সমদল কৰাৰ লগতে হত্যাকাৰীক ২৪ ঘণ্টাৰ ভিতৰত কৰায়ত্ত কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷

উল্লেখ্য যে বৰপেটাৰোডৰ শিমলাগুৰীস্থিত আদৰ্শ একাডেমিৰ একাদশ শ্ৰেণীৰ ছাত্ৰী তথা মানসপুৰৰ যুৱতী ইছিকা সাহা যোৱা ১৫ ডিচেম্বৰৰ সন্ধিয়া নিজ গৃহৰ পৰা নিৰুদ্দেশ হৈছিল ৷ নিৰুদ্দেশ পিছত পৰিয়ালৰ লোকে যুৱতীগৰাকীক বহু ঠাইত বিচাৰ খোঁচাৰ কৰিছিল যদিও কোনো ধৰণৰ শুংসূত্ৰ পোৱা নাছিল । পৰৱৰ্তী সময়ত বৰপেটাৰোড আৰক্ষী থানাত নিৰুদ্দেশ হোৱা সম্পৰ্কত দাখিল কৰিছিল এজাহাৰ ।

Students Dead: ছাত্ৰীৰ ৰহস্যজনক মৃত্যুত উত্তাল বৰপেটাৰোড

কিন্তু দুৰ্ভাগ্যজনকভাৱে শুকুৰবাৰে বৰপেটাৰ জয়পুৰৰ বেকী নৈৰ পাৰত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল ৷ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত পৰিয়ালৰ লোকৰ লগতে বৰপেটাৰোড চহৰত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় । হাউলী আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ অন্তত শনিবাৰে ইছিকা সাহাৰ মৃতদেহ পৰিয়ালৰ লোকক চমজাই দিয়ে ৷

ৰহস্যজনৰভাৱে মৃত্যু হোৱা ইছিকা সাহাৰ মৃতদেহ লৈ বৰপেটাৰোডৰ হাজাৰ হাজাৰ লোকে সমদল কৰি বৰপেটাৰোড আৰক্ষী থানা ঘেৰাওঁ কৰি হত্যাকাৰীক 24 ঘণ্টাৰ ভিতৰত কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী জনায় ৷

লগতে পঢ়ক:পত্নীক হত্যা কৰি নৈৰ পাৰত পুতি থৈ সাৰিব বিচাৰিছিল ৰাজেশে

Last Updated : Dec 18, 2021, 10:57 PM IST

ABOUT THE AUTHOR

...view details