অসম

assam

ETV Bharat / state

'কা' সমৰ্থনকাৰী দলক প্ৰতিহত কৰিবলৈ আহ্বান মুছলিম ছাত্ৰ সন্থাৰ

বিধানসভা নিৰ্ব‍াচনকলৈ মুছলিম ছাত্র সন্থাৰ প্ৰতিক্ৰিয়া । কা' আইন সমৰ্থনকাৰী ৰাজনৈতিক দলক বৰ্জন কৰাৰ বাবে বিধানসভা নিৰ্বাচনত 'কা' বিৰোধী শক্তিক ভোট প্ৰদান কৰিবলৈ ৰাইজক আহ্বান মুছলিম ছাত্র সন্থাৰ ।

'কা' সমৰ্থনকাৰী দলক প্ৰতিহত কৰিবলৈ আহ্বান মুছলিম ছাত্ৰ সন্থাৰ
'কা' সমৰ্থনকাৰী দলক প্ৰতিহত কৰিবলৈ আহ্বান মুছলিম ছাত্ৰ সন্থাৰ

By

Published : Mar 26, 2021, 1:10 PM IST

বৰপেটা,২৬ মাৰ্চ:অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত মুছলিম ছাত্ৰ সন্থাৰ বিশেষ ঘোষণা । 'কা' সমৰ্থনকাৰী ৰাজনৈতিক দলক এইবাৰ বৰ্জন কৰিবলৈ ৰাইজক আহ্বান মুছলিম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি জালাল উদ্দিনৰ ।

এই নিৰ্বাচন 'কা' সমৰ্থনকাৰী দলক প্ৰতিহত কৰাৰ বাবে শেষ ৰণ বুলি দাবী কৰে সংগঠনটোৱে । বিজেপি আৰু 'কা' সমৰ্থনকাৰী দলক প্ৰতিহত কৰিব পাৰিলে অসমীয়াৰ অস্তিত্ব থাকিব বুলিও উল্লেখ কৰে সংগঠনৰ নেতাসকলে ।

আনহাতে, কংগ্ৰেছ-এআইইউডিএফ মহাজোঁটকলৈ তীব্ৰ প্ৰতিক্ৰিয়া সংগঠনটোৰ । অসমৰ কেইবাটাও সমষ্টিত দুয়োটা দলে বন্ধুত্বমূলক প্ৰতিদ্বন্দিতা কৰাৰ বাবে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলক 'বেপাৰী' আখ্যা মুছলিম ছাত্ৰ সন্থাৰ ।

সেয়ে এই দলকো ৰাইজে সঠিক উত্তৰ দিব লাগে বুলি আহ্বান জনায় । নিৰ্বাচনত কোনো দলক প্ৰত্যক্ষভাৱে সমৰ্থন নকৰিলেও 'কা' বিৰোধী মঞ্চৰ প্ৰতি আন্তৰিকতা থকাৰ কথা উল্লেখ কৰে মুছলিম ছাত্ৰ সন্থাই ।


লগতে পঢ়ক:13 বছৰীয়া কৃশানু বৰগোঁহাইৰ নতুন গীত মুকলি

For All Latest Updates

ABOUT THE AUTHOR

...view details