বৰপেটা,23 ডিচেম্বৰ: ৰাজ্যৰ প্ৰায় সংখ্যক জিলাত মুছলমান লোকসকলে ভূমি কিনাৰ অনুমতি লাভ কৰাৰ ক্ষেত্ৰত দীৰ্ঘদিনে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে ৷ এই অসুবিধাৰ সমান্তৰালকৈ মুছলমান লোকসকলৰ অধিকাৰ খৰ্ব কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে মুছলিম ছাত্ৰ সন্থায়ে ৷ এই সমস্যাৰ সমাধান সন্দৰ্ভত দাবী উত্থাপন কৰি সংগঠনটোৱে বুধবাৰে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে এক স্মাৰকপত্ৰ ৷ এই স্মাৰকপত্ৰৰ জৰিয়তে ভূমি কিনা-বেচাৰ ক্ষেত্ৰত পূৰ্বৰ দৰে সকলো বৈধ নাগৰিকক অনুমতি প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে সংগঠনটেৱে ৷
মুখ্যমন্ত্ৰীলৈ মুছলিম ছাত্ৰ সন্থাৰ স্মাৰকপত্ৰ প্ৰেৰণ - মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
ভূমি কিনা-বেচাৰ অনুমতি প্ৰদানৰ ক্ষেত্ৰত মুছলমান লোকসকলে সন্মুখীন হৈ অহা সমস্যা সমাধানৰ দাবীত বৰপেটা জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে মুছলিম ছাত্ৰ সন্থাই ৷
আনহাতে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পুনৰীক্ষণৰ সময়ত কিছুসংখ্যক লোকৰ আধাৰকাৰ্ড প্ৰস্তুতৰ বাবে যাৱতীয় নথি আৰু হাতৰ চাপ আদি লোৱা হৈছিল ৷ কিন্তু, এনআৰচিৰ পুনৰীক্ষণৰ সময়ত দেখা যায় যে এইসকল লোকৰ আধাৰকাৰ্ড সম্পূৰ্ণ হৈ নুঠিল ৷ যাৰফলত লোকসকলে নতুনকৈ আধাৰ প্ৰস্তুত কৰিব পৰা নাই ৷ সম্প্ৰতি এইসকল লোকে চৰকাৰী আঁচনি, বেংকৰ লেন-দেনৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ সেয়ে এইসকল লোকৰ আধৰুৱা কামসমূহ সম্পূৰ্ণ কৰিবলৈ অথবা নতুনকৈ লোকসকলক আধাৰকাৰ্ড প্ৰস্তুত কৰাৰ অনুমতি প্ৰদান কৰিবলৈ সংগঠনটোৱে স্মাৰকপত্ৰৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনাইছে ৷
লগতে চাওকঃকৰিমগঞ্জত অচিনাক্ত দুৰ্বৃত্তই ফালিলে বিজেপিৰ পতাকা আৰু বেনাৰ