বৰপেটাৰোড, 23 অক্টোবৰ : শুকুৰবাৰে বৰপেটাৰোডৰ প্ৰয়াত কংগ্ৰেছ নেতা আতাফ আলীৰ পৰিয়ালৰ খবৰ ল’বলৈ উপস্থিত হয় ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰা ৷ ইয়াৰ পিছতে বৰপেটাৰোডৰ ৰাজীৱ ভৱনত দলীয় কৰ্মীসকলৰ সৈতে এক মত বিনিময় অনুষ্ঠানত অংশ লয় সাংসদগৰাকীয়ে ৷ এই অনুষ্ঠানতে এআইইউডিএফে মুছলমানক সমৰ্থন নকৰে বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ৷
যোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰে এআইইউডিএফৰ মিত্ৰতা আছিল বাবেই মুছলমান ৰাইজে দলটোক ভোট দিছিল ৷ একমাত্ৰ কংগ্ৰেছেহে যে ৰাইজক নিৰাপত্তা দিব পাৰিব, সেই কথা অসমৰ ৰাইজে বুজি উঠিছে ৷ গতিকে উপ নিৰ্বাচনত কংগ্ৰেছৰ ফলাফল ভাল হ’ব বুলি মন্তব্য কৰে ৰিপুণ বৰাই ৷
এআইইউডিএফক কঠোৰ সমালোচনা ৰিপুণ বৰাৰ আনহাতে, এই অনুষ্ঠানতে শাসকীয় বিজেপি চৰকাৰখনক সমালোচনাৰ লক্ষ্য কৰি লয় সাংসদ বৰাই ৷ বৰাই কয়, নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰখনে ৰাজ্যবাসীক বহু আশা দিছিল ৷ কিন্তু নিৰ্বাচনত জয়ী হোৱাৰ তিনি মাহৰ ভিতৰতেই চৰকাৰখনে ৰাইজৰ ওপৰত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিছে ৷ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে ৰাইজক একপ্ৰকাৰ কোঙা কৰি পেলাইছে ৷
সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱাৰ বিপৰীতে ৰাইজৰ উপাৰ্জনৰ পৰিমাণ হ্ৰাস পাইছে ৷ তাৰ ওপৰত কৰ’ণা পৰিস্থিতিৰ বাবে অপৰিকল্পিত লক ডাউনে সমগ্ৰ অৰ্থনীতি শেষ কৰি পেলাইছে ৷ কেৱল চাকৰিয়ালসকলে সময়ত দৰমহা লাভ কৰিছে ৷ ইয়াৰ বিপৰীতে দৰিদ্ৰ জনতাই এসাঁজ খাই এসাঁজ লঘোণে থাকিবলগীয়া হৈছে বুলি কয় ৰিপুণ বৰাই ৷
লগতে পঢ়ক :পথাৰে পথাৰে গৈ কি কৰিলে থাওৰাৰ প্ৰাৰ্থী কৃষ্ণ গগৈয়ে