জনিয়া,5 মে’ঃবৰপেটা জিলাৰজনিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ডাউকমাৰী গাঁৱৰ পৰা শিলচৰৰ ইটাভাটাত কাম কৰিবলৈ যোৱা হামেদ আলীৰ মৃতদেহ পাঁচদিন পূৰ্বে ঘৰলৈ ঘূৰি আহে ৷ এটা বাকচৰ ভিতৰত অহা মৃতদেহটো প্ৰত্য়ক্ষ কৰি আলীৰ পৰিয়ালে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰে ৷ লগতে হত্য়াৰ সন্দেহত ডাউকমাৰীৰ জুলহাশ আৰু ইটাভাটাৰ মালিক মুনিয়াৰৰ প্ৰতি পৰিয়ালটোৱে আঙুলি টোৱায় ৷ মৃত হামেদ আলীয়ে ব্যক্তি দুজনৰ পৰা যথেষ্ঠ পৰিমাণৰ টকা পাবলৈ থকাৰ বাবে হত্যাকাণ্ডটো সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে পৰিয়ালটোৱে ।
ইটাভাটাত কৰ্মৰত শ্ৰমিকৰ ৰহস্যজনক মৃত্যুঃ হত্য়াৰ সন্দেহ পৰিয়ালৰ - Murder
শিলচৰৰ ইটাভাটাত কৰ্মৰত এজন শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য় সৃষ্টি হৈছে পৰিয়ালৰ মাজত ৷ মৃত শ্ৰমিকজন বৰপেটা জিলাৰ জনিয়াৰ ডাউকমাৰী গাঁৱৰ বাসিন্দা হামেদ আলী ৷ প্ৰাপ্য ধন অনাদায়ক কেন্দ্ৰ কৰি সূত্ৰপাত হোৱা কাজিয়াৰ পৰিণতিতে হত্যাকাণ্ডটো সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে শ্ৰমিকজনৰ পৰিয়ালে ৷
উল্লেখ্য যে, প্ৰায় ছমাহ পূৰ্বে কাছাৰৰ দলাই থানাৰ অন্তৰ্গত সপ্তগ্ৰাম ইটাভাটাত ডাউকমাৰীৰ ২৫গৰাকী শ্ৰমিকসহ কাম কৰিবলৈ গৈছিল হামেদ আলী । ইয়াৰ কিছুদিন পিছতে আলীয়ে ডাউকমাৰীৰ জুলহাশ আলী নামৰ ব্যক্তিজন কৰ্মৰত ইটাভাটাৰ মালিক মুনিয়াৰক অন্য ছজন শ্ৰমিকৰ যোগান ধৰে । উক্ত শ্ৰমিকসকলক ভাটাৰ মালিকে পাৰিশ্ৰমিক নিদিয়াত হামেদ আলীয়ে মুনিয়াৰক প্ৰাপ্য বিচাৰি তাগিদা দিয়ে । ভাটাটোৰ মালিকে জুলহাশ নামৰ ব্যক্তিজনক অগ্ৰিম ধন দিয়াৰ অজুহাত দেখুৱাই হামেদক ধন দিবলৈ অমান্তি হয় । ফলত দুইপক্ষৰ মাজত সূত্ৰপাত হয় কাজিয়াৰ ৷ উক্ত কাজিয়াৰ পৰিণতিতে হত্য়াকাণ্ডটো সংঘটিত হোৱা বুলি কব খোজে মৃত আলীৰ পৰিয়ালৰ লোকে ৷ ঘটনা সন্দৰ্ভত দোষীক কৰায়ত্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক দাবী জনাইছে হামেদৰ পৰিয়ালে ৷
লগতে চাওকঃমুম্বাইত মৃত্যুক সাৱটিলে কৰ'ণা ভাইৰাছত আক্ৰান্ত অসমৰ যুৱকে