অসম

assam

ETV Bharat / state

মটৰ চাইকেলক কেন্দ্ৰ কৰি দুই ভাতৃৰ সংঘাতঃ মৃত্যু জ্যেষ্ঠ ভাতৃৰ - বৰপেটা

ঈদৰ দিনাই কলগাছিয়াত কনিষ্ঠ ভাতৃৰ হাতত নিহত হ'ল জ্যেষ্ঠ ভাতৃ

পৱিত্ৰ ঈদৰ দিনাই কলগাছিয়াত অঘটন

By

Published : Jun 5, 2019, 10:00 PM IST

Updated : Jun 6, 2019, 7:37 AM IST

জনীয়া,৫ জুনঃবৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত পূব কলগাছিয়াত অঘটন । পৱিত্ৰ ঈদৰ দিনাই কলগাছিয়াত কনিষ্ঠ ভাতৃৰ হাতত মৃত্যু হ'ল জ্যেষ্ঠ ভাতৃৰ । পূব কলগাছিয়া গাঁৱৰ মজেৰ আলীৰ দুই পুত্ৰ ক্ৰমে আনোৱাৰ হুছেইন আৰু ছানোৱাৰ হুছেইনৰ মাজত মটৰ চাইকেলৰ চাবিক কেন্দ্ৰ কৰি পূব কলগাছিয়া চকত মাৰপিট হয় । মাৰপিট হোৱাৰ কিছু সময় পিছতেই মটৰ চাইকেলেৰে আহি থকা অৱস্থাত মটৰ চাইকেল ৰখাৰ লগে-লগেই পথৰ ওপৰতেই ঢলি পৰে আনোৱাৰ হুছেইন । স্থানীয় কেইজনমান লোকে আনোৱাৰ হুছেইনক কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । ইফালে আনোৱাৰ হুছেইনৰ মৃত্যু হোৱাৰ পিছতেই ছানোৱাৰ হুছেইনে পলায়ন কৰিছে বুলি জানিব পৰা গৈছে ।

পৱিত্ৰ ঈদৰ দিনাই কলগাছিয়াত অঘটন
Last Updated : Jun 6, 2019, 7:37 AM IST

ABOUT THE AUTHOR

...view details