অসম

assam

ETV Bharat / state

দৰমহাৰ পৰা বঞ্চিত পৌৰ নিকায় কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ

২৭ মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত পৌৰ নিকায় কৰ্মচাৰী সকল ৷ ইতিমধ্যে শতাধিক পৌৰ নিকায় কৰ্মচাৰী সকলো উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷

Municipalti Workers Protest Against Govt At Barpeta
দৰমহাৰ পৰা বঞ্চিত পৌৰ নিকায় কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ

By

Published : Aug 31, 2020, 3:49 PM IST

বৰপেটা, ৩১ আগষ্টঃ পৰিবৰ্তনৰ নামত ঢাক-ঢোল বজোৱা বিজেপি মিত্ৰজোঁট চৰকাৰ খনৰ দিনতেই ২৭ মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ আছে ৰাজ্যখনৰ বহু পৌৰ নিকায়ৰ কৰ্মচাৰী ৷ ৰাজ্যখনত কৰ্মৰত প্ৰায় ৫ হাজাৰ ৬ শ পৌৰ নিকায় কৰ্মচাৰীয়ে মাহৰ পিচত মাহ ধৰি বঞ্চিত হৈ আহিছে প্ৰাপ্য দমহাৰ পৰা ৷ ইফালে প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হোৱাত পৰিয়াল পোহ-পাল দিবলৈ এতিয়া কৰ্মচাৰী সকলৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ৷ দীৰ্ঘ দিন ধৰি চৰকাৰক দৰমহাৰ লগতে চাকৰি নিয়মীয়াকৰণ কৰিবলৈ আহ্বান জনাইছিল যদিও কোনো গুৰুত্ব নিদিয়াত ৰাজ্যৰ পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে চৰকাৰৰ বিৰুদ্ধে প্ৰতিখন জিলাতে প্ৰতিবাদী কাৰ্যসূচী হাতত লয় ৷ ঠিক একেদৰে সোমবাৰে বৰপেটাতো পৌৰ নিকায় কৰ্মচাৰী সকলে প্ৰতিবাদী সমদল উলিয়াই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷

দৰমহাৰ পৰা বঞ্চিত পৌৰ নিকায় কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ

ইফালে অতি শীঘ্ৰে পৌৰ কৰ্মচাৰী সকলৰ অনাদায় দৰমহা মোকলাই দিয়াৰ লগতে চাফাই কৰ্মচাৰী, ফিক্সড পে' আৰু ঠিকাভিত্তিত নিয়োজিত কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত প্ৰতিবাদী সমদল আৰু ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে পৌৰ নিকায় কৰ্মচাৰীসকলে ৷ আনহাতে চাকৰিৰ পৰা অৱসৰ গ্ৰহন কৰা পৌৰ কৰ্মচাৰীসকলে পাবলগীয়া বকেয়া ধন মোকলাই দিয়া আৰু কেবিনেটে গ্ৰহন কৰা সুনিৰ্দিষ্ট কৰ্মচাৰীৰ গাঠনিৰ চৰকাৰী অধিসূচনা জাৰি কৰাৰ দাবীত প্ৰতিবাদী সমদল উলিয়াই পৌৰ নিগমৰ কৰ্মচাৰীসকলে ৷

উল্লেখ্য যে, কংগ্ৰেছ তথা বিজেপি চৰকাৰ কেইখনে বছৰ-বছৰ ধৰি পৌৰ কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়াকৰণ নকৰাৰ লগতে প্ৰাপ্য দৰমহা কেইটাৰ পৰাও বঞ্চিত কৰিছে বুলি গুৰুতৰ অভিযোগ তোলে প্ৰতিবাদকাৰী সকলে ৷ ইফালে কৰ্মচাৰী সকলক যন্ত্ৰৰ দৰেহে ব্যৱহাৰ কৰি আহিছে বুলি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক- মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মেজিক নম্বাৰ 100ক প্ৰত্যাহ্বান ৰিপুন বৰাৰ

ABOUT THE AUTHOR

...view details