অসম

assam

ETV Bharat / state

মমিনুল আৱালক সংযত হ'বলৈ আহ্বান বিজেপি নেতা মুক্তাৰ হুছেইন খানৰ

বিশ্বনাথৰ ঘটনা ৰাজনৈতিক ষড়যন্ত্ৰ বুলি মন্তব্য বিজেপি নেতাগৰাকীৰ ৷ এই ঘটনাৰ সৈতে জড়িতসকলক শীঘ্ৰে বিচাৰি উলিওৱাৰ আশ্বাস প্ৰদান কৰে সভাপতিগৰাকীয়ে ৷ আনহাতে ঘটনাটোৰ সৈতে জড়িত সকল যি দলৰেই নহওক কিয় ৰেহাই নাপাব বুলিও সকীয়নি মুক্তাৰ হুছেইন খানৰ ৷

BARPETA

By

Published : Apr 9, 2019, 8:09 PM IST

Updated : Apr 9, 2019, 8:31 PM IST

বৰপেটা,9 এপ্ৰিলঃ বৰপেটাত মঙলবাৰে উপস্থিত হয় বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইন খান ৷ বিশ্বনাথ চাৰিআলিৰ ঘটনা এক ভয়ানক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি মন্তব্য বিজেপিৰ নেতাগৰাকীৰ ৷ চৌকত আলিয়ে বিগত 30 বছৰ ধৰি একে ঠাইতে একে ব্যৱসায় কৰি থকাৰ পাচতো নিৰ্বাচনৰ একেবাৰে প্ৰাকক্ষণত এনে ঘটনা ঘটাতো গুৰুত্বপূৰ্ণ বুলি তেওঁ মন্তব্য কৰে ৷ এই ঘটনাৰ সৈতে জড়িতসকলক শীঘ্ৰে বিচাৰি উলিওৱাৰ আশ্বাস প্ৰদান কৰে সভাপতিগৰাকীয়ে ৷ আনহাতে ঘটনাটোৰ সৈতে জড়িত সকল যি দলৰেই নহওক কিয় ৰেহাই নাপাব বুলিও সকীয়নি মুক্তাৰ হুছেইন খানৰ ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰশাসনৰ ওপৰত আস্থা ৰখাৰ আহ্বান বিজেপি সংখ্যালঘু মৰ্চাৰ সভাপতিগৰাকীৰ ৷

মমিনুল আৱালক সংযত হ'বলৈ আহ্বান বিজেপি নেতা মুক্তাৰ হুছেইন খানৰ

বিজেপি সংখ্যালঘু মৰ্চাৰ সভাপতি গৰাকীয়ে লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ 5 খন আসনেই বিজেপিয়ে লাভ কৰিব বুলি দাবী কৰে ৷ এইবাৰ কৰিমগঞ্জ সমষ্টিটো বিজেপিয়ে অনায়াসে দখল কৰিব বুলিও মন্তব্য কৰে নেতাগৰাকীয়ে ৷ এইবাৰৰ নিৰ্বাচনত বিজেপিয়ে সংখ্যালঘুৰ ভোট লাভ কৰিব বুলি মন্তব্য কৰে ৷ বিজেপিৰ 5 বছৰীয়া শাসনকালত সংখ্যালঘু ৰাইজে যিখিনি সুবিধা পাইছে সেয়া 50 বছৰতো পোৱা নাই বুলি প্ৰকাশ কৰে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ৷ কংগ্ৰেছে এইবাৰ 50 শতাংশ সংখ্যালঘু লোকৰ ভোট পোৱাটোও কষ্টকৰ হ'ব বুলিও তেওঁ মন্তব্য কৰে ৷

আনহাতে বিজেপিৰ সংখ্যালঘু কোষৰ নেতা মমিনুল আৱালৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুক্তাৰ হুচেইন খানে ৷ এই মন্তব্যৰে মমিনুল আৱালে খিলঞ্জীয়া,দেশী লোকসকলকো অপমান কৰিছে বুলিও মন্তব্য কৰে ৷ বিধায়ক মমিনুল আৱালৰ এনে মন্তব্যই গোটেই সংখ্যালঘু সম্প্ৰদায়ক আঘাত কৰা বুলি কয় বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ৷ বিধানসভাত 26 জন বিধায়কৰ বাংলাদেশী লিগেচি থকা বুলি দাবী কৰিছিল মমিনুল আৱালে ৷ বিধায়ক আৱালক সংযত হোৱাৰো আহ্বান জনাই খানে ৷ নিৰ্বাচনৰ সময়চোৱাত এনে কথাই দলৰ ক্ষতি কৰিব বুলিও মমিনুল আৱালক সকীয়নি প্ৰদান কৰে মুক্তাৰ হুচেইন খানে মন্তব্য কৰে ৷

Last Updated : Apr 9, 2019, 8:31 PM IST

ABOUT THE AUTHOR

...view details