অসম

assam

ETV Bharat / state

পাঁচ দিনে সন্ধান নাই চাউল চুৰিত জড়িত মুক্তাৰ হুছেইনৰ - পালহাজীত ব্ৰহ্মপুত্ৰ নৈৰ

চাউল চুৰিৰ ঘটনাৰ অভিযুক্ত বৰপেটাৰ বহৰিত অৱস্থিত উত্তৰ বগুৰীবাৰী সমবায় সমিতিৰ সম্পাদক মুক্তাৰ হুছেইনৰ ৫ দিনেও সন্ধান নাই ৷ সমবায় সমিতিৰ জৰিয়তে বিতৰণ কৰিবলগীয়া চাউল চোৰাংভাৱে বিক্ৰী কৰাৰ ঘটনাৰ সৈতে জৰিত থকাৰ অভিযোগ উত্তৰ বগুৰীবাৰী সমবায় সমিতিৰ সম্পাদক মুক্তাৰ হুছেইনৰ বিৰুদ্ধে ৷

চাউল চুৰি কৰি পলাই আছে উত্তৰ বগুৰীবাৰী সমবায় সমিতিৰ সম্পাদক মুক্তাৰ হুছেইন
চাউল চুৰি কৰি পলাই আছে উত্তৰ বগুৰীবাৰী সমবায় সমিতিৰ সম্পাদক মুক্তাৰ হুছেইন

By

Published : Sep 29, 2021, 7:11 PM IST

বৰপেটা, ২৯ ছেপ্তেম্বৰ : হঠাৎ সন্ধানহীন হৈ পৰিল মুক্তাৰ ৷ বিগত পাঁচ দিনে কোনো সন্ধান নাই মুক্তাৰৰ ৷ চাউল চুৰিৰ অভিযোগত অভিযুক্ত মুক্তাৰক বিচাৰি আৰক্ষীয়ে চলাথ কৰিছে যদিও আজি পৰ্যন্ত সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ যোৱা শুকুৰবাৰে নিশা বৰপেটাৰ পালহাজীত ব্ৰহ্মপুত্ৰ নৈৰে গোৱালপাৰালৈ সৰবৰাহ কৰা অৱস্থাত তিনিজন চোৰাং চাউল ব্যৱসায়ী আৰু নাওসহ উত্তৰ বগুৰীবাৰী সমবায়ৰ ৪০০ বস্তা চাউল জব্দ কৰি আৰক্ষীক গটাই দিছিল স্থানীয় ৰাইজে ৷ তাৰ পাছতে তলা বন্ধ হৈ আছিল সমবায় সমিতিখনৰ কাৰ্যালয় ৷

চাউল চুৰি কৰি পলাই আছে উত্তৰ বগুৰীবাৰী সমবায় সমিতিৰ সম্পাদক মুক্তাৰ হুছেইন

ইপিনে সমগ্ৰ ঘটনাৰ সৰ্ন্দভত সমবায়খনৰ সম্পাদকৰ বিৰুদ্ধে উত্থাপিত হোৱা চাউল চুৰি ঘটনাৰ তদন্তৰ কৰিবৰ বাবে বৰপেটা জিলা উপায়ুক্তই নিৰ্দেশ প্ৰদান কৰিছিল ৷ তাৰপাছতে বহৰিত উপস্থিত হোৱা যোগান বিভাগৰ দুজনকৈ বিষয়াই সন্ধান নাপালে সমবায় সমিতিৰ সম্পাদক মুক্তাৰৰ ৷ তাৰোপৰি সমবায় সমিতিখনত সংঘটিত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল কেলেংকাৰীৰ তদন্তৰ বাবে সোমবাৰে গুৱাহাটীৰ পৰা বহৰিত উপস্থিত হোৱা দুনীতি নিৰ্বাৰক অপৰাধ অনুসন্ধান শাখাৰ বিষয়াৰ দলেও সন্ধান লাভ নকৰিলে সম্পাদক মুক্তাৰ হুছেইনৰ ৷

যাৰফলত অভিযানকাৰী দলটোৱে গুৱাহাটীলৈ মুক্তাৰক গ্ৰেপ্তাৰ নকৰাকৈয়ে উভতি যাবলগীয়া হৈছে ৷ আনহাতে সমবায় সমিতিখনত সংঘটিত চাউল কেলেংকাৰীৰ তদন্তৰ বাবে সমবায়ৰ কাৰ্যালয়ত উপস্থিত দুটাকৈ তদন্তকাৰী দল উভতি যাবলগীয়া ঘটনা বৰপেটাৰ বহৰিত বিশেষ চৰ্চাৰ বিষয় হৈ পৰিছে ৷ বিশেষকৈ বৰপেটাত অব্যাহত থকা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ চোৰাং ব্যৱসায় আৰু বৰপেটাৰ পৰা বাংলাদেশলৈ চাউল সৰবৰাহৰ তদন্তই কি ৰূপ লয় তালৈ সকলোৱে আগ্ৰহেৰে বাট চাইছে ৷ একেদৰে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ অসামৰিক যোগান বিভাগৰ কি ভূমিকা লয় সেয়াও লক্ষণীয় বিষয় হৈ পৰিছে ৷

লগতে পঢ়কঃ কাগজ কলৰ বিষয়া-কৰ্মচাৰীৰ বাবে চৰকাৰৰ ৫৭০ কোটি টকাৰ পেকেজ

ABOUT THE AUTHOR

...view details