অসম

assam

ETV Bharat / state

Satra Land Enchrochment : অসমৰ দহখন জিলাৰ হিন্দুসকলক সংখ্যালঘূৰ মৰ্যদাৰ পোষকতা - পিৰলা সত্ৰ বৰপেটা

ৰাজ্যৰ প্ৰায় দহখন জিলাত হিন্দুৰ বিপৰীতে বংগমূলীয় মুছলমান সংখ্যাগুৰু হৈ পৰা বুলি মন্তব্য কৰি জিলাকেইখনত হিন্দুসকলক সংখ্যালঘুৰ মৰ্যদা দিয়াৰ পোষকতা কৰিলে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই ৷ সত্ৰসমূহৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে সঠিক তথ্য সংগ্ৰহ কৰিবলৈ ৰাজ্য চৰকাৰে গঠন কৰি দিয়া তিনিজনীয়া সত্ৰ আয়োগৰ সদস্য (Survey of encroached land of Satras) মৃণাল শইকীয়া সোমবাৰে বৰপেটাৰ সুন্দৰীদিয়া সত্ৰত উপস্থিত হৈ এই মন্তব্য কৰে ৷

অসমৰ দহখন জিলাৰ হিন্দুসকলক সংখ্যালঘূৰ মৰ্যদাৰ পোষকতা
অসমৰ দহখন জিলাৰ হিন্দুসকলক সংখ্যালঘূৰ মৰ্যদাৰ পোষকতা

By

Published : Dec 27, 2021, 8:55 PM IST

বৰপেটা, ২৭ ডিচেম্বৰ :অসমৰ সত্ৰসমূহৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে সঠিক তথ্য সংগ্ৰহ কৰিবলৈ ইতিমধ্যে ৰাজ্য চৰকাৰে গঠন কৰি দিছে তিনিজনীয়া সদস্যৰে সত্ৰ আয়োগ অসম ৷ সত্ৰ আয়োগ অসমৰ দলটিয়ে ৰাজ্যৰ সত্ৰসমূহৰ ভূমি বেদখল সম্পৰ্কীয় বিষয়সমূহৰ সঠিক তথ্য আহৰণ কৰিবৰ বাবে (Survey of encroached land of Satras) উপস্থিত হয় সত্ৰনগৰী বৰপেটাত ৷ সোমবাৰে বৰপেটাৰ সুন্দৰীদিয়া সত্ৰত উপস্থিত হৈ সত্ৰাধিকাৰ, পৰিচালনা সমিতিৰ সদস্য আৰু ভকতসকলৰ সৈতে সত্ৰৰ ভূমি বেদখল সম্পৰ্কে আলোচনাত মিলিত হয় ৷ ইয়াৰ পিছত আয়োগৰ দলটিয়ে বৰপেটাৰ পিৰলা সত্ৰৰ বেদখলকৃত ভূমিৰ চৰজমিন তদন্ত কৰে ৷

অসমৰ দহখন জিলাৰ হিন্দুসকলক সংখ্যালঘূৰ মৰ্যদাৰ পোষকতা

উল্লেখ্য যে, হৰিদেৱৰ প্ৰধান শিষ্য আচাৰ্য নাৰায়নাদেৱে প্ৰতিষ্ঠা কৰা পিৰলা সত্ৰৰ প্ৰায় ১০১ বিঘা মাটি আছিল যদিও সত্ৰখনৰ সম্পূৰ্ণ মাটি বৰ্তমান বেদখলৰ কৱলত পৰিছে ৷ সত্ৰ আয়োগ অসমৰ সদস্য মৃণাল শইকীয়াই পিৰলা সত্ৰৰ মাটিৰ বেদখল(Satra Land Enchrochment) দেখি স্তম্ভিত হৈ পৰে ৷ তেওঁ কয় যে, বৰপেটাকে ধৰি অসমৰ দহখন জিলাত হিন্দুসকল সংখ্যালঘূত পৰিণত হৈছে ৷ দহখন জিলাত বংগমূলীয় মুছলমান সংখ্যাগুৰু হৈ পৰিছে ৷ এই দহখন জিলাৰ হিন্দুসকলক সংখ্যালঘুৰ মৰ্যদা দিব লাগে (Urges to declare Hindu as minority) ৷ বৰপেটাৰ পিৰলা সত্ৰ নিশ্চিহ্ন হৈছে, সত্ৰৰ ভূমি দখল কৰিছে বংগমূলীয় মুছলমানে ৷

আনহাতে পিৰলা সত্ৰৰ সত্ৰাধিকাৰ দীপেন্দ্ৰ নাথ গোস্বামীয়ে আক্ষেপেৰ কয় যে, পিৰলা সত্ৰৰ গোটেইখিনি মাটি ইতিমধ্যে বেদখলকাৰীৰ কবলত পৰিছে ৷ আনকি পিৰলা সত্ৰত থকা গুৰু পদশিলা বহৰি সত্ৰত আৰু বিগ্ৰহ বহৰি হৰিপুৰ সত্ৰত সংৰক্ষণ কৰি ৰাখিবলগীয়া হৈছে ৷ সেয়েহে সত্ৰাধিকাৰগৰাকীয়ে পিৰলা সত্ৰৰ বেদখলকৃত মাটি বেদখল মুক্ত কৰি তাত সত্ৰখন পুনৰ স্থাপন কৰিবলৈ চৰকাৰক অনুৰোধ জনায় ৷

লগতে পঢ়ক:Satra Land Enchrochment : আৰম্ভ হ’ল বেদখলীকৃত সত্ৰভূমিৰ জৰীপ

ABOUT THE AUTHOR

...view details