অসম

assam

By

Published : Dec 7, 2020, 1:37 PM IST

ETV Bharat / state

বৰ্তমানেও চূড়ান্ত হোৱা নাই AIUDFৰে মিত্ৰতাঃ প্ৰদ্যুৎ বৰদলৈ

কেতিয়াবা বৃহৎ জয়ৰ বাবে ত্যাগ কৰিবলগীয়া হ'ব পাৰে ৷ বৰপেটাৰ খন্দকাৰপাৰাত ফিৰ্দাউচ চেৰিটেবল ছ'চাইটিৰ মুকলি সভা এখনত অংশ গ্ৰহন কৰি এই মন্তব্য কৰে বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে ৷ সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বৰ্তমানেও এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা খাটাং হোৱা নাই বুলি মন্তব্য কৰে ৷

mp-pradyut-bordoloi-reacted-to-the-alliance-with-aiudf
বৰ্তমানেও চূড়ান্ত হোৱা নাই AIUDFৰে মিত্ৰতাঃপ্ৰদ্যুৎ বৰদলৈ

বৰপেটা,৭ ডিচেম্বৰঃকেতিয়াবা বৃহৎ জয়ৰ বাবে ত্যাগ কৰিবলগীয়া হ'ব পাৰে ৷ বৰপেটাৰ খন্দকাৰপাৰাত ফিৰ্দাউচ চেৰিটেবল ছ'চাইটিৰ মুকলি সভা এখনত অংশ গ্ৰহণ কৰি এই মন্তব্য কৰে বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে ৷ অহা ফেব্ৰুৱাৰী অথবা মাৰ্চৰ প্ৰথম ভাগত কংগ্ৰেছৰ নেতৃত্বত মহাজোঁট বন্ধনে পূৰ্ণাংগ ৰূপ লাভ কৰিব বুলি সদৰি কৰি সাংসদ আব্দুল খালেকে ৷ ওৱেইছিৰ এ আই এম আই এম দলে ২১ৰ বিধানসভা নিৰ্বাচনত অসমত প্ৰতিদ্বন্দিতা আগবঢ়াব বিচৰাক লৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদগৰাকীয়ে ৷ ভোট বিভাজনৰ বাবে কোনোবাই কৰা চেষ্টা ৰাইজে বুজি পায় বুলি উল্লেখ কৰি ৰাইজ আজিকালি সজাগ হৈছে আৰু ৰাইজে সঠিক সিদ্ধান্ত ল'ব জানে বুলিও মন্তব্য কৰে আব্দুল খালেকে ৷

বৰ্তমানেও চূড়ান্ত হোৱা নাই AIUDFৰে মিত্ৰতাঃপ্ৰদ্যুৎ বৰদলৈ

ইপিনে,সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে মহাজোঁট বন্ধনক লৈ ভিন্ন মতহে প্ৰকাশ কৰে ৷ সাংসদ গৰাকীয়ে বৰ্তমানেও এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা খাটাং হোৱা নাই বুলি মন্তব্য কৰে ৷ তদুপৰি, ২১ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী কোন হ'ব সেইয়া নিৰ্বাচনৰ পিচতহে সিদ্ধান্ত ল'ব বুলি মন্তব্য কৰে ৷

লগতে পঢ়কঃ কাৰাবন্দীৰ মাজত গৰম কাপোৰ বিতৰণ

ABOUT THE AUTHOR

...view details