অসম

assam

ETV Bharat / state

নিশা বৰপেটাৰ বান শিবিৰত সাংসদ আব্দুল খালেক - সাংসদ আব্দুল খালেক

বান শিবিৰ পৰিদৰ্শন বৰপেটাৰ সাংসদ আব্দুল খালেকৰ । বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী ৷ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক তুলাধূনা সাংসদগৰাকীৰ ৷

নিশা বৰপেটাৰ বান শিবিৰত সাংসদ আব্দুল খালেক

By

Published : Jul 28, 2019, 11:08 AM IST

Updated : Jul 28, 2019, 11:55 AM IST

জনীয়া, 28 জুলাই : সংসদৰ অধিৱেশন চলি থকাৰ মাজতে কালি দিল্লীৰ পৰা আহি বৰপেটাৰ কলগাছিয়াৰ বৰডাঙ্গা, গুইলেজা, বলাইপথাৰ আৰু খাৰবাল্লীৰ বান শিবিৰ পৰিদৰ্শন বৰপেটাৰ সাংসদ আব্দুল খালেকৰ । নিশা বান শিবিৰ পৰিদৰ্শন কৰি বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী জনায় সাংসদগৰাকীয়ে । লগতে

বৰপেটা জিলাৰ বান পৰিস্থিতি এতিয়াও বিপদজনক বুলি মন্তব্য কৰি বানাক্ৰান্ত সাহায্য দিবলৈ বৰপেটা জিলা প্ৰশাসনে চেষ্টা কৰিছে যদিও ৰাজ্য চৰকাৰে বান সাহায্য নিদিয়াত বহু কাম কৰিব পৰা নাই বুলিও উল্লেখ কৰে সাংসদগৰাকীয়ে । ইপিনে কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাত অসন্তুষ্টি প্ৰকাশ কৰি সাংসদগৰাকীয়ে কয় যে, এই বিপদৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব আছিল অসমক সহায় কৰা৷ কিন্তু সহায় দূৰৈৰে কথা বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকী অসমলৈ নহাটো দুৰ্ভাগ্যজনক ৷

নিশা বৰপেটাৰ বান শিবিৰত সাংসদ আব্দুল খালেক
Last Updated : Jul 28, 2019, 11:55 AM IST

ABOUT THE AUTHOR

...view details