জনিয়া, 8 আগষ্ট : পুনৰ প্ৰসিদ্ধ সাহিত্যিক চৈয়দ আব্দুল মালিকক লৈ সৃষ্টি হৈছে বিতৰ্ক ৷ এইবাৰ বিজেপি বিধায়ক শিলাদিত্য দেৱে কটু মন্তব্য কৰিছে প্ৰয়াত সাহিত্যিকগৰাকীৰ বিৰুদ্ধে ৷ কিন্তু বিধায়ক শিলাদিত্য দেৱক উভতি ধৰিছে বৰপেটাৰ কংগ্ৰেছী সাংসদ আব্দুল খালেকে। বিধায়ক শিলাদিত্য দেৱে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰখ্যাত সাহিত্যিক প্ৰয়াত চৈয়দ আব্দুল মালিকক বৌদ্ধিক জেহাদী বুলি কোৱাৰ পাচত জাঙুৰ খাই উঠিছে সাংসদ আব্দুল খালেক।
সাংবাদিকেৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত সাংসদ গৰাকীয়ে কয় যে, শিলাদিত্য দেৱ এজন মানসিক ভাৰসাম্য হেৰুৱা আত্মসমৰ্পণকাৰী ব্যক্তি, লগতে শিলাদিত্য দেৱ চৈয়দ আব্দুল মালিকৰ বৰ্জিত গ্ৰহণৰো যোগ্য নহয় । বিভিন্ন সময়ত বিধায়ক শিলাদিত্যই বিতৰ্কিত মন্তব্য দি অহাৰ পাচতো মুখ্যমন্ত্ৰী সোণোৱালে তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিলে বুলি প্ৰশ্ন কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে এইক্ষেত্ৰত ধৃতৰাষ্টৰ ভূমিকা পালন কৰিছে বুলি তীব্ৰ সমালোচনা কৰে সাংসদ খালেকে।