হু ইজ হিমন্ত বিশ্ব শৰ্মা ? NRCক লৈ সুখী নহয় সাংসদ আব্দুল খালেক - হু ইজ হিমন্ত বিশ্ব শৰ্মা ? NRCক লৈ সুখী নহয় সাংসদ আব্দুল খালেক
সংবাদমেল সম্বোধন কৰি এন আৰ চিক লৈ সন্তুষ্ট নহয় বুলি মন্তব্য বৰপেটাৰ সাংসদ আব্দুল খালেকৰ ৷ পৰিৱেশ প্ৰদূষিত কৰিব বিচৰাৰ অভিযোগ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপি নেতাৰ বিৰুদ্ধে ৷
![হু ইজ হিমন্ত বিশ্ব শৰ্মা ? NRCক লৈ সুখী নহয় সাংসদ আব্দুল খালেক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4297797-thumbnail-3x2-khalek.jpg)
বৰপেটা,৩১আগষ্টঃ শনিবাৰে বৰপেটাত সংবাদমেল সম্বোধন কৰি সাংসদ আব্দুল খালেকৰ মন্তব্য,এন আৰ চিক লৈ সুখী নহয় সাংসদজন ৷ বহু ভাৰতীয় লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰা বুলি অভিযোগ তুলি সাংসদ গৰাকীয়ে কয় যে হিমন্ত বিশ্ব শৰ্মা অথবা শিলাদিত্য দেৱৰ দৰে একাংশই কিছুমান বিতৰ্কিত মন্তব্যৰ জৰিয়তে পৰিৱেশ প্ৰদূষিত কৰি আছে ৷ উল্লেখ্য যে,সাংবাদিকৰ এক প্ৰশ্নত হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলিও এলোটাই প্ৰশ্ন কৰে সাংসদজনে ৷ বহু ভাৰতীয় লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰা বুলি সন্দেহ প্ৰকাশ কৰে যদিও এন আৰ চি প্ৰকাশৰ ক্ষেত্ৰত সাংসদগৰাকীয়ে ভাৰত চৰকাৰ,অসম চৰকাৰ,উচ্চতম ন্যায়ালয়,মহাপঞ্জীয়কৰ লগতে ইয়াৰ সৈতে জড়িত সকলো চৰকাৰী বিষয়া কৰ্মচাৰীকে অভিনন্দন জনায় ৷ শৃংখলাবদ্ধ দল বুলি কোৱা বিজেপি নেতাসকলৰ মন্তব্য পৰস্পৰ বিৰোধী বুলি প্ৰকাশ কৰি গৃহমন্ত্ৰী অমিত শ্বাহক বিদেশী নাগৰিক সকলক বাংলাদেশৰ সৈতে প্ৰত্যাৰ্পণৰ বিষয়ে আলোচনা কৰিবলৈ আহ্বান জনাই সাংসদ গৰাকীয়ে ৷ ভাৰতৰ ক'তো নথকা সন্দেহজনক নাগৰিকৰ বিষয়তো সংসদত উত্থাপন কৰিব আশ্বাস দিয়ে ৷