জনীয়া,6 এপ্ৰিল:মঙলবাৰে অনুষ্ঠিত হয় ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে ভোটাৰ ৰাইজ ওলাই আহিল ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ৷ সপত্নীক ভোটাধিকাৰ সাব্যস্ত কৰিলে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ তথা কংগ্ৰেছ নেতা আব্দুল খালেকে ৷
সপত্নীক ভোটদান বৰপেটাৰ সাংসদ আব্দুল খালেকৰ - বৰপেটা লোকসভা সমষ্টি
মঙলবাৰে অনুষ্ঠিত হয় ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে ভোটাৰ ৰাইজ ওলাই আহিল ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ৷ সপত্নীক ভোটাধিকাৰ সাব্যস্ত কৰিলে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ তথা কংগ্ৰেছ নেতা আব্দুল খালেকে ৷
সপত্নীসহ ভোটদান বৰপেটাৰ সাংসদ আব্দুল খালেকৰ
৪৪ নং জনীয়া বিধানসভা সমষ্টিৰ বৰতাৰী বি কে হাইস্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰ ৰাইজৰ লগত শাৰী পাতি ভোটদান কৰে সাংসদগৰাকীয়ে ৷ ইপিনে, সাংবাদিকৰ আগত সাংসদ খালেকে মন্তব্য কৰি কয় যে, অসমৰ জনগণে উন্নয়নৰ স্বাৰ্থত মহাজোঁটৰ পক্ষত এইবাৰ ভোটদান কৰিছে ৷ বৰপেটা সংসদীয় সমষ্টিৰ দহখন আসনতে মহাজোঁটৰ প্ৰাৰ্থীগৰাকীৰ জয় নিশ্চিত বুলিও দাবী কৰে সাংসদ আব্দুল খালেকে ৷
লগতে পঢ়ক:অসম বিজেপি আৰু নিৰ্বাচন আয়োগক তীব্ৰ সমাোলচনা প্ৰিয়ংকা গান্ধীৰ