বৰপেটা, 23 ডিচেম্বৰ:"৬০-৭০ৰ দশকৰ পৰিৱেশ ঘূৰাই আনি অসমত অশান্তি বিয়পোৱাৰ চেষ্টা কৰিছে বিজেপি চৰকাৰে।"CAA ৰ বিৰোধিতাৰে উক্ত মন্তব্য কৰি এইবাৰ বিজেপিৰ প্ৰতি সৰৱ হৈ পৰিল বৰপেটাৰ সাংসদ আব্দুল খালেক ৷ গোৱালপাৰা জিলাৰ সীমামূৰীয়া অঞ্চল তথা বৰপেটা জিলাৰ খাটিয়ামাৰীত অনুষ্ঠিত এখন সভাত উপস্থিত হৈ সম্প্ৰতি সমগ্ৰ দেশত হৈ থকা অগ্নিগৰ্ভা পৰিৱেশৰ বাবে বিজেপি চৰকাৰক জগৰীয়া কৰে সাংসদ আব্দুল খালেকে ৷
NRCৰ পৰা বাদ পৰা ১৯ লাখৰ অধিকাংশই ভাৰতীয়ঃ আব্দুল খালেক - CAA
৬০-৭০ ৰ দশকত যিদৰে বিনা কাৰণত সংখ্যালঘু লোকৰ ওপৰত নিৰ্যাতন চলাই বলপূৰ্বক ভাৱে সীমান্ত পাৰ কৰি পাকিস্তানলৈ পঠিয়াই দিছিল সেই পৰিৱেশৰ পুনৰাবৃত্তি ঘটাব বিচাৰিছে চৰকাৰে।
![NRCৰ পৰা বাদ পৰা ১৯ লাখৰ অধিকাংশই ভাৰতীয়ঃ আব্দুল খালেক NRC আৰু CAA সন্দৰ্ভত আব্দুল খালেক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5465029-thumbnail-3x2-ll.jpg)
সংশোধিত নাগৰিকত্ব আইন আৰু সমগ্ৰ দেশতে NRC হ'ব বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে ঘোষণা কৰাৰ পিচতে জ্বলিছে দেশ। ৬০-৭০ ৰ দশকত যিদৰে বিনা কাৰণত সংখ্যালঘু লোকৰ ওপৰত নিৰ্যাতন চলাই বলপূৰ্বক ভাৱে সীমান্ত পাৰ কৰি পাকিস্তানলৈ পঠিয়াই দিছিল সেই পৰিৱেশৰ পুনৰাবৃত্তি ঘটাব বিচাৰিছে চৰকাৰে । ৰাজ্য তথা দেশৰ এই পৰিস্থিতিৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰক দোষী সাব্যস্ত কৰিছে সাংসদ আব্দুল খালেকে।
উল্লেখ্য যে,দেশৰ সংবিধানে দিয়া অধিকাৰৰ আধাৰত সকলোৱে মিলি সম্প্ৰীতিৰ শক্তিশালী অসম গঢ়াৰ আহ্বান জনায় সাংসদ গৰাকীয়ে ৷ লগতে সভাত নিজৰ কাৰ্যকালত দক্ষিণ বৰপেটা নগৰবেৰাক সংযোগ কৰি এখন পকী দলং নিৰ্মাণৰ আশ্বাস দিয়ে সাংসদ আব্দুল খালেক আহমেদে ।
লগতে পঢ়ক : চৰকাৰ শংকিত হৈছে::উপমন্যু হাজৰিকা