অসম

assam

ETV Bharat / state

যান-বাহন সংশোধনী আইন সন্দৰ্ভত সজাগতা সভা - যান-বাহন সংশোধনী আইন সজাগতা সভা

বৰপেটা আৰু গুৱাহাটীত জিলা প্ৰশাসনৰ উদ্যোগত যান-বাহন সংশোধনী আইন সজাগতা সভা ৷ বৰপেটা জিলা পৰিবহণ বিভাগৰ পৰিদৰ্শক হিমাংশু কুমাৰ দাসৰ নেতৃত্বত পথসভা ৷

মটৰ ভেহিকেলৰ সংশোধনী আইন সম্পৰ্কত সজাগতা সভা

By

Published : Sep 7, 2019, 3:43 PM IST

বৰপেটা, 7 চেপ্তেম্বৰঃভাৰত চৰকাৰে যান-বাহন আইনৰ ক্ষেত্ৰত পূৰ্বৰ নীতি নিয়মৰ সংশোধন ঘটাই নতুনকৈ নিৰ্ধাৰণ কৰা নীতি নিয়মৰ প্ৰচাৰৰ বাবে যি ব্যৱস্থা হাতত লৈছে, সেই প্ৰচাৰ অভিযান পূৰ্ণৰূপত চলাই গৈছে বৰপেটা জিলা পৰিবহন বিভাগে ৷ বৰপেটা জিলা পৰিবহণ বিভাগৰ পৰিদৰ্শক হিমাংশু কুমাৰ দাসৰ নেতৃত্বত পৰিবহণ বিভাগৰ এটি দলে বৰপেটা জিলাৰ ভিন্ন প্ৰান্তৰ লগতে বৰপেটাৰোডৰ শিমলাগুৰীত ৰাইজৰ মাজত সজাগতা অনাৰ বাবে সজাগতা সভা অনুষ্ঠিত কৰে ৷ যান-বাহন সংশোধনী আইন সংশোধিত ৰূপত অৰ্থাৎ নতুন নীতিনিয়মৰ মাধ্যমত নিজৰ যানবাহন সমূহ চলাবলৈ ৰাইজক আহ্বান জনায় ৷

মটৰ ভেহিকেলৰ সংশোধনী আইন সম্পৰ্কত সজাগতা সভা
গুৱাহাটীতো পৰিবহন আইন ২০১৯ৰ নতুন নিয়মসমূহ ৰাজ্যত শীঘ্ৰে কাৰ্যকৰী কৰি পথ সুৰক্ষাৰ দিশটো অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যেৰে কনজিউমাৰ লীগেল প্ৰটেকশ্যন ফ'ৰাম, অসম আৰু কনজিউমাৰ ভয়েছ, নতুন দিল্লীৰ উদ্যোগত শুকুৰবাৰে এখন কৰ্মশালা অনুষ্ঠিত হয় । গুৱাহাটীৰ হোটেল আৰিয়ান আতিথ্যত অনুষ্ঠিত এই ৰাজ্যিক ভিত্তিৰ কৰ্মশালাত উপস্থিত থাকি গুৱাহাটী আৰক্ষীৰ যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত প্ৰশান্ত শইকীয়াই কয় যে ত্ৰিশ বছৰীয়া পুৰণি পৰিবহন আইন, ২০১৯ৰ নতুন সংশোধিত ধাৰা সমূহে পথ দুৰ্ঘটনা ৰোধত আৰক্ষীক প্ৰভূত সহায় কৰিব ৷ কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি কামৰূপ জিলাৰ দুই পৰিবহন বিষয়া জয়সিং ৰংফাৰ, বিক্ৰম গগৈ আৰু কনজিউমাৰ ভয়েছৰ মূখ্য প্ৰকল্প বিষয়া ৰিংকি শৰ্মাই পৰিবহন আইন, ২০১৯ ৰ নতুন সংশোধিত ধাৰা সমূহ অসমত বলবৎ কৰি অসমত কিদৰে পথ দুৰ্ঘটনাৰ পৰা ৰাইজৰ জীৱন ৰক্ষা কৰিব পাৰি সেই বিষয়ে বিস্তৃত পৰ্যালোচনা আগবঢ়ায় ৷

ABOUT THE AUTHOR

...view details