জনিয়া, 13 মে’: মানুহে কয় প্ৰেম হেনো অন্ধ ৷ মানুহৰ মুখে মুখে চলি অহা এই আপ্ত বাক্যশাৰীকে সৰোগত কৰি ভাগিনৰ প্ৰেমতে মচগুল হৈ পৰিল জনিয়াৰ কহিনুৰ ৷ দুই সন্ধানৰ মাতৃ কহিনুৰ বেগমে আবেগক বাধা দিব নোৱাৰি 9 মে’ত পলাই গ’ল ভাগিন মজনুৰলৈ (Married woman flees with boyfriend at Jania)৷
ভাগিনৰ প্ৰেমত মচগুল হৈ স্বামীগৃহ ত্যাগ কৰিলে দুটি সন্তানৰ মাতৃয়ে জনিয়াৰ বালিকুৰিত পোৱা গ’ল প্ৰেমৰ এই বিৰল উদাহৰণ ৷ ৰছুলপুৰৰে লালচান খানৰ লগত কহিনুৰ বেগমে সামাজিক নিয়ম অনুসৰিয়েই বিবাহপাশত আবদ্ধ হৈছিল যদিও সেই সম্পৰ্কত হয়তো মনে বিচৰাখিনি বিচাৰি পোৱা নাছিল৷ সেয়েহে স্বামী লালচান খানৰ যিকোনো কথাতে সম্পৰ্কৰ আৰম্ভণিৰে পৰা আবদ্ধ হৈ পৰিছিল কহিনুৰ ৷ তথাপিও সময় বাগৰাৰ লগে লগে দুটাকৈ সন্তানৰ মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিছিল কহিনুৰে ৷
ভালপোৱাৰ ৰঙেৰে চিৰদিন, চিৰকাল জিলিকি থাকিব বিচৰা কহিনুৰে তেনে এক সময়তে কাষ চাপি গ’ল ভাগিন যুৱক মজনুৰ ৰহমান (Love with sisters son at Jania)৷ কহিনুৰে বিচৰা সমস্ত যেন বিচাৰি পালে মজনুৰ মাজতে ৷ ফলত দুটি সন্তানৰ প্ৰতি থকা মোহ আৰু স্বামীয়েও বাধা দি ৰাখিব নোৱাৰিলে কহিনুৰ- মজনুৰ প্ৰমক ৷ বাকী থকা দিনকেইটা দুয়ো দুয়োৰে হোৱাৰ আশাৰে মজনুৰ কাষলৈ গুছি গ’ল কহিনুৰ বেগম ৷ এই যাত্ৰাৰ পৰিকল্পনা কালি বা আজিৰ নহয় ৷ ইয়াৰ প্ৰস্তুতিৰ বাবে দুমাহ পূৰ্বেই কহিনুৰে বাহৰ পাতিছিলগৈ পিতৃগৃহত ৷
মাহী কহিনুৰ বেগম ভাগিন মজনুৰ ৰহমানলৈ পলাই যোৱাত কহিনুৰৰ স্বামী লালচান নিৰুপায় হৈ ইতিমধ্যে কাষ কাষ চাপিছে আৰক্ষীৰ ৷ উল্লেখ্য যে, নৱ দম্পত্তি কহিনুৰ-মজনুৰ এই মুহূৰ্তত ক’ত কিদৰে আছে সেই বিষয়ে জানিব পৰা হোৱা নাই ৷
লগতে পঢ়ক:১০ বাৰকৈ এভাৰেষ্ট আৰোহণ কৰি অভিলেখ গঢ়িলে নেপালী লাকপাই