অসম

assam

ETV Bharat / state

মিত্ৰতা ভংগৰ পৰিণতি : জনীয়াত দুই শতাধিক কংগ্ৰেছ কৰ্মীৰ AIUDF ত যোগদান - কংগ্ৰেছ কৰ্মী

সোমবাৰে জনীয়া সমষ্টিত পঞ্চায়ত প্ৰতিনিধিসহ প্ৰায় দুই শতাধিক কংগ্ৰেছ(Congress) কৰ্মীৰ এআইইউডিএফ(AIUDF) ত যোগদান ৷ কংগ্ৰেছ-এআইইউডিএফৰ মাজৰ মহাজোঁট বন্ধনৰ অন্ত পৰাৰ লগে লগে সমষ্টিটোৰ অধিকাংশ কংগ্ৰেছ(Congress) কৰ্মীয়ে এআইইউডিএফত যোগদান কৰে ৷

congress-leaders-joined-in-aiudf
কংগ্ৰেছ কৰ্মীৰ AIUDFত যোগদান

By

Published : Aug 31, 2021, 2:21 PM IST

জনীয়া, 31 আগষ্ট : কংগ্ৰেছ(Congress আৰু এআইইউডিএফৰ(AIUDF) মিত্ৰতা ভংগৰ পাচতে ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লগা পৰিলক্ষিত হৈছে ৷ সেইমৰ্মে সোমবাৰে জনীয়া সমষ্টিত কংগ্ৰেছ(Congress) দলতো দেখা গৈছে খহনীয়া ৷ পঞ্চায়ত প্ৰতিনিধিসহ প্ৰায় দুই শতাধিক কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰে এআইইউডিএফ দলত ৷

কংগ্ৰেছ কৰ্মীৰ AIUDFত যোগদান

তাপেশ্বৰা গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা যোগদান সভাত বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ(Hafiz Rafiqul Islam) উপস্থিতিত আনুষ্ঠানিকভাৱে এআইইউডিএফত যোগদান কৰে কংগ্ৰেছ কৰ্মীসকলে ৷

যি সময়ত মহাজোঁটত থাকিও কংগ্ৰেছ-এআইইউডিএফৰ মাজত বোকা ছটিওৱাৰ খেল অব্যাহত আছে, তেনে সময়তে কংগ্ৰেছৰ বলিষ্ঠ নেতা বৰপেটাৰ সাংসদ আব্দুল খালেকৰ(Abdul Kheleque) গৃহ সমষ্টি জনীয়াৰ তাপেশ্বৰাত হোৱা এই যোগদানে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

কংগ্ৰেছ কৰ্মীৰ AIUDFত যোগদান

লগতে পঢ়ক:AIUDF ৰ কথা শুনি হাঁহি ৰখাব নোৱাৰা হৈছে দেৱব্ৰত শইকীয়াই !

এআইইউডিএফৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দুই শতাধিক কংগ্ৰেছ কৰ্মীয়ে এআইইউডিএফত যোগদান কৰা কাৰ্যই আচৰিত কৰি তুলিছে ৰাজনৈতিক মহলক । উক্ত যোগদান কাৰ্যসূচীত উপস্থিত থাকে তাপেশ্বৰা পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা কংগ্ৰেছ নেতা আবুজাফৰ আহমেদ, কংগ্ৰেছ দলৰ যুৱনেতা আবু আহমেদৰ উপৰিও পঞ্চায়তৰ সদস্য ৰুহুল আমিনসহ প্ৰায় দুই শতাধিক কংগ্ৰেছ কৰ্মী ৷

গতিকে প্ৰশ্ন হয়, কংগ্ৰেছ মহাজোঁটৰ পৰা এআইইউডিএফক বাদ দিয়া কাৰ্যই সংকট মাতি আনিব নেকি কংগ্ৰেছলৈ ?

কংগ্ৰেছ কৰ্মীৰ AIUDFত যোগদান

উল্লেখ্য যে, বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ নেতৃত্বত গঠন হৈছিল মহাজোঁট বন্ধন । কিন্তু নিৰ্বাচনত কংগ্ৰেছ-এআইইউডিএফৰ মহাজোঁটে আশানুৰূপ ফলাফল লাভ কৰিব নোৱাৰাৰ ফলস্বৰূপে মহাজোঁটৰ ভেটি খহিবলৈ ধৰে ।

কেতিয়াবা যদি কংগ্ৰেছে এআইইউডিএফক আক্ৰমণ কৰিছে, আন কেতিয়াবা আকৌ এআইইউডিএফে কংগ্ৰেছক সমালোচনা কৰিছে । অৱশেষত দুয়োটা দলৰ মাজত থকা এই মহাজোঁট বন্ধনৰ সোমবাৰে অৱসান ঘটে ৷

লগতে পঢ়ক:AIUDF ৰ বিধায়ক সকলো বিজেপিৰে বিধায়ক : অখিল

ABOUT THE AUTHOR

...view details