অসম

assam

ETV Bharat / state

খেতিপথাৰত বিষাক্ত দ্ৰব্য় সেৱন কৰি শতাধিক পক্ষীৰ মৃত্য়ু - পক্ষী

সোমবাৰে বৰপেটাৰ শিলাগাঁৱত বিষাক্ত দ্ৰব্য সেৱন কৰি মৃত্যু হয় প্ৰায় তিনিশ পক্ষী (Birds Death)ৰ ৷ চৰাইয়ে শস্যৰ অনিষ্ট কৰিব নোৱাৰাকৈ দুই কৃষকে কঠিয়াত বিষাক্ত দ্ৰব্য মিহলাই দিয়া বুলি জানিব পৰা গৈছে ৷ ঘটনা সন্দৰ্ভত জিলা প্ৰশাসনক উচিত তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷

birds death in barpeta
বৰপেটাত পক্ষীৰ মৃত্যু

By

Published : Jul 19, 2021, 10:22 PM IST

বৰপেটা, 19 জুলাই :বৰপেটা জিলাৰ শিলাগাঁৱত সোমবাৰে ৰাসায়নিক দ্ৰব্য দিয়া বিষাক্ত শস্য খাই মৃত্যুমুখত পৰে কেইবা শতাধিক পক্ষী (Birds Death) ৷ শিলাগাঁৱৰ সৰ্বত্ৰে চৰাইবোৰৰ মৃত্যু হৈ পৰি থকা দৃশ্যই প্ৰকৃতিপ্ৰেমীৰ মাজত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ জানিব পৰা মতে, শিলাগাঁৱৰ হৰকুমাৰ শৰ্মা নামৰ লোকজনে তেওঁৰ আঢ়ৈ বিঘা মাটি 2 নং শিলাগাঁৱৰ পজিৰ আলী ওৰফে পাশান ডাক্তৰৰ ওচৰত বন্ধকত থৈছিল ৷ পজিৰ আলীয়ে পকদ গাঁৱৰ আচমত আলী আৰু নৱাব আলী নামৰ লোক দুজনক কঠিয়া সিঁচিবলৈ লীজত দিছিল ৷

দুদিন পূৰ্বে এই মাটিখিনিতে শালিধানৰ কঠিয়া সিঁচিছিল দুই খেতিয়কে ৷ কঠিয়া সিঁচাৰ সময়ত চৰাইয়ে শস্য খাই অনিষ্ট কৰিব নোৱাৰাকৈ কঠিয়াত বিষাক্ত দ্ৰব্য মিহলাই দিয়া হৈছিল ৷ ইয়াৰ ফলস্বৰূপে বিষাক্ত শস্য খাই ঘনচিৰিকা, কপৌ, শালিকা, পোহনীয়া হাঁহ, পাৰকে ধৰি বিভিন্ন প্ৰজাতিৰ পক্ষী মৃত্যুমুখত পৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে ৷ অৱশ্যে কঠিয়া সিঁচা খেতিয়ক এজনে খেতিত বিষ দিয়া কথাতো অস্বীকাৰ কৰে ৷

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, গাঁৱখনত প্ৰায় তিনিশ পক্ষীৰ মৃত্যু হৈছে ৷

বৰপেটাত পক্ষীৰ মৃত্যু

উক্ত ঘটনা সম্পৰ্কে জিলা প্ৰশাসনক অৱগত কৰিছে স্থানীয় ৰাইজে ৷ লগতে তেওঁলোকে দোষীক বিচাৰি উলিয়াই কঠোৰ শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক দাবী উত্থাপন কৰিছে ৷ আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব পক্ষীৰ মৃত্যুৰ প্ৰকৃত সত্য ৷ ৰাজ্যত পক্ষীৰ মৃত্যুৰ ঘটনা এয়া প্ৰথম নহয় ৷

ইয়াৰ পূৰ্বেও ৰাজ্যৰ বহু ঠাইত শগুণ, বগলীকে ধৰি বিভিন্ন প্ৰজাতিৰ পক্ষীৰ মৃত্যুৰ বাতৰি ইতিমধ্যে প্ৰচাৰ হৈ আহিছে ৷ ৰাজ্যত অব্যাহত থকা ক’ভিড (Covid)ৰ আতংকৰ মাজতে বিগত কিছুদিন পূৰ্বে ক্ষমতাৰ ৰাগীত একপ্ৰকাৰ অন্ধ হৈ টংলা পৌৰসভাই মুহুৰ্ততে হত্যা কৰিছিল প্ৰায় 3 শতাধিক বগলীৰ পোৱালী ৷ যি সময়ত বন্যপ্ৰাণী সুৰক্ষাৰ অৰ্থে চৰকাৰে নতুন নতুন আইন বলৱৎ কৰিছে, তেনে সময়তে টংলা চহৰৰ একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে এজোপা বাঁহগছত আশ্ৰয় লৈ থকা শতাধিক বগলীক অতি নিৰ্মমভাৱে হত্যা কৰিছিল ৷

টংলা চহৰৰ 1 নং ৱাৰ্ডত সংঘটিত হৈছিল এই অমানৱীয় ঘটনা ৷ উক্ত ঘটনাত আঘাতপ্ৰাপ্ত 84 টা বগলী বৰ্তমান কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে ৷ স্থানীয় প্ৰশাসনক এইক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী উত্থাপন কৰিছে ৷

লগতে পঢ়ক :অবৈধ বেদখলকাৰীৰ কবলত ওৰাং ৰাষ্ট্ৰীয় উদ্যান

ABOUT THE AUTHOR

...view details