বৰপেটাৰোড, 28 এপ্ৰিল :আইন হাতত তুলি লোৱাৰ সাহস বাঢ়িছে একাংশৰ, কিন্তু কেনেকৈ ? গত্যন্তৰ নাই নেকি এনেবোৰ সামাজিক ব্যাধিৰ ! নে সমাজৰ একাংশ তথাকথিত ভদ্ৰলোকেই সাহস হৈ থিয় দিছো মৰেল পুলিচগিৰীৰ সপক্ষে ৷ আমিয়েই সেইখন সমাজৰ বাসিন্দা য’ত এহাল পুৰুষ-মহিলাই মুকলি মনেৰে ঘূৰিব ফুৰিব নোৱাৰে ৷
বন্ধু হৈয়ো বন্ধ কোঠাত থকা মানেই অনৈতিক কাৰ্যকলাপৰ চিন্তাই আমনি কৰা আমাৰ সমাজখনেই দৰাচলতে সাহস দিছে মৰেল পুলিচিঙৰ দৰে ঘটনাক ৷ আমাৰ দৃষ্টিত সমাজ কলুষিত কৰা কামবোৰ আচলতে কাৰোবাৰ ব্যক্তিগত জীৱনৰ হেঁপাহ, য’ত হস্তক্ষেপ কৰি সমাজ শুধৰণিৰ দায়িত্ব মূৰ পাতি লৈছো আমি আৰু আমাৰ এনেবোৰ আলোচনাই ৰাজ্যৰ, দেশৰ চুকে কোণে জন্ম দিছে মৰেল পুলিচ ৷
ৰাজ্যখনত সংঘটিত হৈছে এটাৰ পিচত আনটোকৈ মৰেল পুলিচিঙৰ ঘটনা ৷ বৰপেটাৰ কলহভাংগাৰ চাঞ্চল্যকৰ মৰেল পুলিচিঙৰ ঘটনাৰ ঢৌ মাৰ নৌযাওঁতেই পুনৰ বৰপেটাৰোডৰ দোমনীঘাটত সংঘটিত হৈছে এক শিহৰণকাৰী মৰেল পুলিচিঙৰ ঘটনা (Barpeta moral police case) ৷ বৃহস্পতিবাৰৰ নিশা উদণ্ড যুৱকৰ দল এটাই এগৰাকী যুৱতীক এখন ৰিক্সাত শাৰীৰিকভাৱে নিৰ্যাতন চলাই ৷ চাৰিওফালৰ পৰা যুৱতী গৰাকীক আৱৰি সকলোৱে হাত আৰু মুখেৰে কৰিছে আক্ৰমণ ৷ কোনোৱে চুলি টানিছে, কোনোৱে গাল-কপালত হাত ফুৰাইছে নহ’লে আন কোনোৱে গাত ঢকিয়াইছে ৷ সকলো ফালৰে পৰা যুৱতী গৰাকীৰ গাত অচিন লোকৰ স্পৰ্শ, এক বীভৎসকাৰী দৃশ্য ৷