বৰপেটা, 20 নৱেম্বৰ : ৰাজ্যত হাতী-মানুহ অথবা মানুহ আৰু বন্যপ্ৰাণীৰ মাজত হোৱা সংঘাতৰ কথা আমি প্ৰায়েই শুনিবলৈ পাও ৷ মানুহ আৰু বন্যপ্ৰাণীৰ মাজত হোৱা সংঘাতে কেতিয়াবা অতি ভয়ংকৰ ৰূপ ধাৰণ কৰে, যাৰ ফলস্বৰূপে বহু লোকে প্ৰাণ ত্যাগ কৰিবলগীয়া হৈছে ৷ বনাঞ্চলৰ পৰা জনাঞ্চললৈ অহা বনৰীয়া জন্তুৱে সময়ে সময়ে বহু পাহাৰীয়া গাঁৱত চলাই আহিছে সন্ত্ৰাস ৷
গাঁওবাসীৰ ঘৰ-দুৱাৰ ভাঙি সা-সম্পত্তি, ভঁৰাল তহিলং কৰাৰ লগতে গাঁওবাসীৰ ওপৰত আক্ৰমণো চলাই আহিছে বন্যপ্ৰাণীয়ে ৷ কিন্তু এইবাৰ মানুহৰ ওপৰত পোহনীয়া বান্দৰৰ সন্ত্ৰাস(Monkey Terror) ৷ এটি পোহনীয়া বান্দৰৰ আক্ৰমণ((Monkey Attack on Child)ৰ সন্মুখীন হৈছে এটি 8 বছৰীয়া শিশু ৷ আহত শিশুটিৰ নাম শুভাংকৰ তালুকদাৰ বুলি জানিব পৰা গৈছে ৷
পিছে এয়া প্ৰথমবাৰ ঘটা ঘটনা নহয় ৷ বিগত তিনিমাহ ধৰি বান্দৰটোৱে মানুহৰ ওপৰত চলাই আহিছে আক্ৰমণ ৷ এই ঘটনা সংঘটিত হৈছে বৰপেটা চহৰৰ গজিয়া পথত ৷ পোহনীয়া বান্দৰটোৰ আক্ৰমণত ইতিমধ্যে আহত হৈছে কেইবাজনো লোক ৷ এজন লোকৰ ঘৰত পোহনীয়া হৈ বান্দৰটোৰ এই আচৰণে অতিষ্ঠ কৰি তুলিছে অঞ্চলবাসীক ৷
ঘৰৰ সন্মুখত সমনীয়াৰ সৈতে খেলি থকা অৱস্থাতে শিশুটিক আক্ৰমণ কৰে বান্দৰটোৱে ৷ বান্দৰৰ আক্ৰমণত চকু,কাণ,ডিঙি আদি অংশত বেয়াকৈ আঘাত পায় শিশুটিয়ে ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, তিনিমাহ পূৰ্বৰ পৰাই বৰপেটা চহৰৰ বিভিন্ন অঞ্চলত সন্ত্ৰাস চলাই আহিছে বান্দৰটোৱে ৷ বলিয়া বান্দৰটোৰ উপদ্ৰৱত অতিষ্ঠ হৈ পৰা ৰাইজে ইতিমধ্যে অৱগত কৰিছে বন বিভাগক ৷
monkey attack : বৰপেটাত নিচাসক্ত হৈ বান্দৰে চলালে উপদ্ৰৱ কিন্তু বৰ্তমানেও বিভাগটোৱে বান্দৰটোৰ উপদ্ৰৱৰ ক্ষেত্ৰত কোনোধৰণৰ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ ইফালে পোহনীয়া অৱস্থাত থকা বান্দৰটোৱে নিয়মিত সুৰা সেৱন কৰাৰো সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ মদাসক্ত বান্দৰটোৱে বহুকেইগৰাকী লোকৰ ঘৰত প্ৰৱেশ কৰি অথবা বাটে-ঘাটে চলাই গৈছে উপদ্ৰৱ ৷ গৃহস্থৰ চকুৰ সন্মুখতে খাদ্য সামগ্ৰী খাই শেষ কৰাৰ লগতে আচবাব আদিও লণ্ড-ভণ্ড কৰিছে এই বলিয়া বান্দৰটোৱে ৷
নিচাসক্ত বান্দৰ(Drunk Monkey)টোৱে এতিয়া অঞ্চলবাসীক দেখুৱাইছে ত্ৰাহী মধুসূদন ৷ বান্দৰটোৰ ডিঙিত লাগি আছে এডাল কাপোৰৰ ৰছী ৷ তাৰবাবেও বান্দৰটো আক্ৰমণাত্মক হৈ উঠাৰ সন্দেহ কৰা হৈছে ৷ বান্দৰটোক নিয়ন্ত্ৰণ কৰিবলৈ ইতিমধ্যে বন বিভাগে বান্দৰটো ট্ৰেংকুলাইজড কৰাৰ বাবে অনুৰোধ জনাইছে উৰ্ধতন কৰ্তৃপক্ষক ৷ শীঘ্ৰেই বান্দৰটোক কৰায়ত্ব কৰি গতাই ল’বলৈ বন বিভাগ(Forest Department)ক আহ্বান জনাইছে অঞ্চলবাসীয়ে ৷
লগতে পঢ়ক :সুৰাৰ দোকানত বহি বান্দৰে খালে Raw Peg