অসম

assam

By

Published : Mar 17, 2021, 9:14 PM IST

ETV Bharat / state

কয়াকুছিত গাড়ীৰ বনেটত লুকুৱাই অনা ধন জব্দ

বৰপেটাত ফ্লাইং স্কোৱাড আৰু এছএছটিৰ অভিযানত 7 লাখ 70 হাজাৰ টকা জব্দ ৷ সৰুক্ষেত্ৰীৰ কয়াকুছিত এখন বাহনৰ বনেটৰ ভিতৰভাগৰ ইঞ্জিনত লুকুৱাই অনা অৱস্থাত ধনখিনি জব্দ ৷

money seized at kayakuchi in sarukhetri form inside of car bonnet
কয়াকুছিত গাড়ীৰ বনেটত লুকুৱাই অনা ধন জব্দ

বৰপেটা,17 মাৰ্চ:বৰপেটা জিলাত অব্যাহত আছে ফ্লাইং স্কোৱাড আৰু এছএছটিৰ অভিযান ৷ এইবাৰ সৰুক্ষেত্ৰীত জব্দ হ'ল 7 লাখ 70 হাজাৰ টকা ৷ সৰুক্ষেত্ৰী সমষ্টিৰ কয়াকুছিত এখন বাহনৰ বনেটৰ ভিতৰভাগৰ ইঞ্জিনত লুকুৱাই অনা অৱস্থাত এছএছটিয়ে ধনখিনি জব্দ কৰে ৷

টকাখিনিৰ উৎস সম্বন্ধে কোনো উপযুক্ত তথ্য দাখিল কৰিব নোৱাৰাত অভিযানকাৰী দলটোৱে টকাখিনি জব্দ কৰে ৷ উল্লেখ্য যে, বুধবাৰৰ দিনটোত বৰপেটা জিলাৰ বিভিন্ন স্থানৰ পৰা মুঠ 49.25 লাখ টকা জব্দ কৰা হয় ৷

এখন বাহনৰ বনেটৰ ভিতৰভাগৰ ইঞ্জিনত লুকুৱাই অনা অৱস্থাত ধনখিনি জব্দ

উল্লেখ্য যে, 27 মাৰ্চত ৰাজ্যত অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে ৰাজ্যৰ ভিন্ন সমষ্টিত প'ষ্টেল বেলটযোগে ভোটগ্ৰহণ আৰম্ভ হৈছে ৷ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰস্তুতিৰ সমান্তৰালকৈ নিৰ্বাচনী আচৰণবিধি জাৰি থকাৰ পৰিপ্ৰেক্ষিতত ফ্লাইং স্কোৱাড আৰু আৰক্ষীৰ অভিযান অব্যাহত আছে ৷

লগতে পঢ়ক:বৰপেটাত পুনৰ ৪,১৬,৫০০ টকা জব্দ

ABOUT THE AUTHOR

...view details