অসম

assam

ETV Bharat / state

বৰপেটাত ATM কাৰ্ড সলনিৰে ধন লুট - বৰপেটাত ATM কাৰ্ড সলনিৰে ধন লুট

বৰপেটাত ATM কাৰ্ড সলনি কৰি ধন লুট অসাধু চক্ৰৰ ৷ আৰক্ষীৰ থানাত এজাহাৰ দাখিল কৰাৰ পাচতো তদন্তই বিশেষ অগ্ৰগতি লাভ নকৰিলে বুলি ক্ষোভ প্ৰকাশ কৰে ভুক্তভোগীসকলে ৷

Money robbery through ATM card changing at Barpeta
বৰপেটাত ATM কাৰ্ড সলনিৰে ধন লুট

By

Published : Aug 9, 2020, 11:18 AM IST

বৰপেটা, 9 আগষ্ট: শনিবাৰে বৰপেটা চহৰৰ মুছলিমপট্টীৰ নুৰ হুছেইন নামৰ লোকজনে চহৰখনৰ এটা ATMৰ পৰা টকা উলিয়াবলৈ যোৱাৰ সময়তে অন্য এজন যুৱকে সহায় কৰি দিয়াৰ চলেৰে তেওঁৰ ATM কাৰ্ডখন সলনি কৰি লৈ যায় ৷ ইয়াৰে কিছুসময় পাচত নুৰ হুছেইনৰ একাউণ্টৰ পৰা প্ৰায় 40 হাজাৰ টকা উলিয়াই নিয়া বুলি জানিব পাৰি লগে লগে তেওঁ একাউণ্টটো বন্ধ কৰি দিয়ে ৷

বৰপেটাত ATM কাৰ্ড সলনিৰে ধন লুট

উল্লেখ্য যে, কেইমাহমান পূৰ্বে বৰপেটাৰ বেতবাৰী গাঁৱৰ ৰফিকুল ইছলাম নামৰ লোকজনৰ পৰাও একেই কৌশলেৰে ATM কাৰ্ড সলনি কৰি লুটি নিছিল প্ৰায় 5 লাখ টকা ৷ বৰবালা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক ৰফিকুল ইছলামৰ সমস্ত সাঁচতীয়া ধন লুটি নিয়াৰ পাচত হাউলী থানাত এজাহাৰ দাখিল কৰিছিল শিক্ষকজনে ৷

কিন্তু তেওঁৰ একাউণ্টৰ পৰা আন একাউণ্টলৈ ধন সলনি কৰাৰ CCTV কেমেৰাত বন্দী হোৱা দৃশ্য আৰক্ষীয়ে লাভ কৰাৰ পাচতো তদন্তই বিশেষ অগ্ৰগতি লাভ নকৰিলে বুলি ক্ষোভ প্ৰকাশ কৰিছিল ৰফিকুল ইছলামৰ পৰিয়ালে ৷

ভুক্তভোগীয়ে জানিবলৈ দিয়া মতে, বহুদিন ধৰি বৰপেটা জিলাৰ ATM সমূহত পিয়াপি দি ফুৰিছে অসাধু চক্ৰই ৷ ATM সমূহত টকা উলিয়াবলৈ যোৱা বয়োজ্যেষ্ঠ লোকক সহায় কৰাৰ চলেৰে বিভিন্নজনৰ পৰা টকা উলিয়াই নিছে এই অসাধু চক্ৰটোৱে ৷

লগতে পঢ়ক:মৈৰাবাৰীত বৃহৎ পৰিমাণৰ নকল নোট উদ্ধাৰ

ABOUT THE AUTHOR

...view details