অসম

assam

ETV Bharat / state

বৰপেটাৰোডত চিলনী চোৰে কাঢ়ি নিলে 2 লাখ টকা

মঙলবাৰে বৰপেটাৰোডত কলগাছিয়াৰ সমীপৰ ময়নবড়ীৰ এগৰাকী লোকৰ পৰা চিলনী চোৰে কাঢ়ি নিলে 2 লাখ টকা ৷ কাঢ়ি নিয়া টকাৰ বেগটোত আছিল আন কেতবোৰ গুপৰুত্বপূৰ্ণ সামগ্ৰী ৷

চিলনী চোৰে কাঢ়ি নিলে 2 লাখ টকা
চিলনী চোৰে কাঢ়ি নিলে 2 লাখ টকা

By

Published : Sep 23, 2020, 8:22 AM IST

বৰপেটাৰোড 23 ছেপ্তেম্বৰ: মঙলবাৰে কলগাছিয়াৰ সমীপৰ ময়নবড়ীৰ ছানোৱাৰ খান নামৰ এগৰাকী ব্যক্তিৰ পৰা চিলনী চোৰে কাঢ়ি নিলে 2 লাখ টকা ৷ এই ঘটনা সংঘটিত হয় বৰপেটাৰোডত ৷ ব্যক্তিজনে মঙলবাৰে বৰপেটাৰোডৰ এক্সিছ বেংকৰ পৰা 2 লাখ টকা উলিয়াই ৷ টকাখিনি তেওঁ বৰপেটাৰোডৰ মিছনৰোডৰ এগৰাকী ব্যৱসায়ীক দিবলৈ গৈ থকা অৱস্থাতে সংঘটিত হয় ঘটনাটো ৷

বৰপেটাৰোডত চিলনী চোৰে কাঢ়ি নিলে 2 লাখ টকা

তেওঁৰ পিচফালৰ পৰা বাইকেৰে আহি থকা দুজন অচিনাকী যুৱকে তেওঁৰ হাতৰ পৰা টকাৰ বেগটো কাঢ়ি নি তীব্ৰ বেগে সেই স্থানৰ পৰা উধাও হয় ৷ বেগটোত টকা খিনিৰ ওপৰিও এটিএম কাৰ্ড, বেংকৰ পাছবুক, চেকবুক, ভোটাৰ কাৰ্ডকে ধৰি বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ ৷ ঘটনা সন্দৰ্ভত লোকগৰাকীয়ে বৰপেটাৰোড আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷

লগতে পঢ়ক:বঙাইগাঁৱত বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ জব্দ

ABOUT THE AUTHOR

...view details