জনীয়া, 3 নৱেম্বৰ: ৰাজ্যত দুৰ্নীতি বিৰোধী শ্লোগান দিয়া বিজেপি চৰকাৰৰ ফোঁপোলা স্বৰূপ উদঙাইছে দলৰে একাংশ নেতা কৰ্মীয়ে। বিজেপিৰ একাংশ নেতা পালিনেতাই চৰকাৰৰ দুৰ্নীতিৰ শূণ্য সহনশীলতাৰ শ্ল’গানক অঙ্গুষ্ঠ প্ৰদৰ্শন কৰি লিপ্ত হৈছে দুৰ্নীতিত। এইবাৰ বৰপেটা জিলাৰ বিজেপিৰ ৰূপসী মণ্ডলৰ সভাপতি চন্দ্ৰকান্ত আৰ্য্যই বি এছ নাৰ্ছিঙৰ আসন দিয়াৰ নামত ৭০ হেজাৰ টকা লোৱাৰ এক ভিডিঅ‘ ভাইৰেল হৈছে। লগতে ভাইৰেল হৈছে এটি অডিঅ‘।
বি. এছ. নাৰ্ছিঙত আসন দিয়াৰ নামত বিজেপি কৰ্মীয়ে ধন লোৱাৰ ভিডিঅ' ভাইৰেল
বৰপেটা জিলাৰ বিজেপিৰ ৰূপসী মণ্ডলৰ সভাপতি চন্দ্ৰকান্ত আৰ্য্যই বি এছ নাৰ্ছিঙৰ আসন দিয়াৰ নামত ৭০ হেজাৰ টকা লোৱাৰ এক ভিডিঅ‘ ভাইৰেল হৈছে। লগতে ভাইৰেল হৈছে এটি অডিঅ‘।
ভিডিঅ’টোত চান্দমামা গাঁৱৰ এজন অভিভাৱকৰ পৰা এখন গাড়ীৰ ভিতৰত বিজেপিৰ ৰূপসী মণ্ডলৰ সভাপতি চন্দ্ৰকান্ত আৰ্য্যই আব্দুছ ছামাদ নামৰ এজন ব্যক্তিৰ সহযোগত ৭০ হেজাৰ টকা লোৱাৰ দৃশ্য দেখা যায়। ইয়াৰ সমান্তৰালভাৱে, ভাইৰেল হোৱা অডিঅ‘ ক্লিপটোত চন্দ্ৰকান্ত আৰ্য্যৰ লগত হোৱা বাৰ্তালাপত বি এছ নাৰ্ছিঙৰ আসন দিয়াৰ নামত ২ লাখ টকা লোৱাৰ কথা উল্লেখ কৰে যদিও টকা লোৱাৰ পিছতো বি এছ চি নাৰ্ছিঙত আসন নোপোৱাত টকা ঘূৰাই বিচাৰে। এইক্ষেত্ৰত বিজেপি চৰকাৰখনে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা বুলি শ্ল’গান দিয়া বিজেপিৰ এই নেতা পালিনেতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৰিবনে সাহস ? এই ক্ষেত্ৰত আৰক্ষীয়ে কেনে ভূমিকা পালন কৰে সেয়া লক্ষণীয় হ‘ব ৷
লগতে পঢ়ক: মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সকলো মন্তব্যৰ প্ৰত্যুত্তৰ দিবলৈ লাজ লাগেঃ ৰিপুণ বৰা