বৰপেটা, 20 মে’: ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ যোৱাৰ উপক্ৰম বাঘবৰৰ ঐতিহ্যমণ্ডিত বৈঠাপুতা ঘাট সত্ৰ (Historic Boithaputa Ghat satra) ৷ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত এই সত্ৰখন ৰক্ষাৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনাই ধৰ্ণাত বহিল বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ (MLA Sherman demands to save historic Boithaputa Ghat satra) ৷
শুকুৰবাৰে বাঘবৰৰ বৈঠাপুতা ঘাট সত্ৰখনৰ খহনীয়া পৰিদৰ্শনৰ পিচতে বিধায়ক আহমেদে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলৰ পৰা ঐতিহাসিক সত্ৰখন ৰক্ষাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ অমনোযোগিতা আৰু জলসম্পদ বিভাগৰ হেমাহিৰ বাবে এইদৰে সত্ৰবাসী ৰাইজক লগত লৈ বহিল প্ৰতিবাদী ধৰ্ণাত (Sherman Ali calls on to save historic Boithaputa Ghat satra) ৷