জনীয়া, 1 ছেপ্তেম্বৰ: পুনৰ বাতৰিৰ শিৰোনাম দখল কৰিছে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে । বৃহস্পতিবাৰে সমষ্টিৰ আলোপতিত উন্নয়ণমূলক কামৰ আধাৰশিলা স্থাপন কৰিবলৈ আহি বিষয়া কৰ্মচাৰীৰ ওপৰত খৰ্গহস্ত হৈ পৰে বিতৰ্কিত বিধায়ক শ্বেৰমান আলী আহমেদ । সমষ্টিৰ কেইবাটাও উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰিবলৈ অহা বিধায়ক শ্বেৰমান আলীয়ে আলোপতিত উপ-স্বাস্থ্যকেন্দ্ৰৰ 52 লাখ টকীয়া গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ স্থানত টেন্টৰ ব্যৱস্থা নকৰাৰ বাবেই খঙত টিঙিৰি-তুলা হৈ পৰে বিধায়ক শ্বেৰমান আলী ।
খঙত খৰ্গহস্ত হৈ বিধায়ক গৰাকীয়ে মন্দিয়া ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত স্বাস্থ্য বিষয়া, কনিষ্ঠ অভিযন্তা আৰু বি পি এমৰ ওপৰত তৰ্জন গৰ্জন কৰিয়েই ক্ষান্ত নাথাকি উৰ্ধ্বতম কৰ্তৃপক্ষক অভিযোগ দিয়াৰ লগতে বিধানসভাৰ মজিয়াত এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিব বুলিও ভাবুকি প্ৰদান কৰে ।আনকি বিধায়ক শ্বেৰমান আলীয়ে মিঞা জাতিক লৈ অশালীন গালি গালাজ কৰা তথা বিতৰ্কিত মন্তব্য আগবঢ়োৱা বুলিও অভিযোগ উত্থাপিত হৈছে ।