জনীয়া, 19 আগষ্ট :বিধায়ক শ্বেৰমান আলীয়ে স্বৈৰাচাৰিতা আৰু দুৰ্নীতি কৰাৰ অভিযোগত বুধবাৰে উত্তাল হৈ পৰে বাঘবৰ সমষ্টি ৷ঘটনা সন্দৰ্ভত জানিব পৰা মতে,বৰপেটা জিলাৰ বাঘবৰ সমষ্টিত কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰে স্থাপন হ'বলগীয়া মডেল ডিগ্ৰী কলেজৰ স্থান নিৰ্ধাৰণ কৰা হৈছিল সমষ্টিটোৰ ভাতনাপাইতিত। কিন্তু প্ৰস্তাৱিত মডেল ডিগ্ৰী কলেজৰ স্থানক লৈ কুটিল ৰাজনীতি হোৱা বুলি অভিযোগ কৰে একাংশ ৰাইজে ৷ কলেজখনৰ স্থানক লৈ হোৱা ৰাজনীতিত সমষ্টিটোৰ বিধায়ক শ্বেৰমান আলী জড়িত থকা বুলি অভিযোগ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷
লগতে পঢ়কঃবৰপেটাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত ব্যাপক কেলেংকাৰীৰ অভিযোগ
কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত এই অত্যাধুনিক কলেজখন বিধায়ক শ্বেৰমান আলীয়ে বাঘবৰত স্থাপন কৰাৰ বাবে উঠি-পৰি লগা বুলি মন্তব্য কৰে ৰাইজে ৷ ফলত ক্ষুব্ধ হৈ পৰিছে সমষ্টিটোৰ লক্ষাধিক লোক। শৈক্ষিক ক্ষেত্ৰত অতিকৈ পিছ পৰা ভাতনাপাইতিত মডেল ডিগ্ৰী কলেজখন স্থাপন হ'লে বাঘবৰৰ চৰাঞ্চলৰ লক্ষ্যাধিক লোক উপকৃত হ'ব যদিও সমষ্টিটোৰ চৰাঞ্চলবাসীক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে।
জনীয়াত বিধায়ক শ্বেৰমান আলীৰ প্ৰতিমূৰ্তি দাহ সেয়ে বুধবাৰে শতাধিক লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিধায়ক শ্বেৰমান আলীৰ পুত্তলিকা দাহ কৰে । মডেল ডিগ্ৰী কলেজখন স্থানান্তৰিত কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে চৰাঞ্চলত বিধায়ক শ্বেৰমান আলীৰ প্ৰৱেশত বাধা দিয়াৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰীয়ে ৷