অসম

assam

ETV Bharat / state

Ranjit Kumar Dass visited Barpeta: বেঁকী নদীৰ খহনীয়া পৰিদৰ্শন অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ - বেঁকী নদীৰ খহনীয়া পৰিদৰ্শন অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ

কলগাছিয়াৰ কৰাৰকুৰত বেঁকী নদীৰ খহনীয়া পৰিদৰ্শন অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ(MLA Ranjit kumar Das visited Barpeta Flood affected area) । যাতায়াত ব্যৱস্থা অব্যাহত ৰাখিবলৈ বিকল্প পথ নিৰ্মাণ কৰাৰ কথা সদৰী মন্ত্ৰী দাসৰ । বেঁকী নৈৰ মাটি বালিচহীয়া হোৱাৰ বাবেই গৰাখহনীয়া হৈ থাকে বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ (Erosion of Beki River) ।

mla ranjit kumar das visited barpeta flood affected area
বেঁকী নদীৰ খহনীয়া পৰিদৰ্শন অভিভাৱক মন্ত্ৰী ৰঞ্জিত দাসৰ

By

Published : Jul 29, 2022, 8:07 PM IST

জনীয়া, 29 জুলাই:বৰপেটাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে শুকুৰবাৰে জিলাখনৰ কৰাৰকুৰত উপস্থিত হৈ বেঁকী নৈৰ গৰাখহনীয়া পৰিদৰ্শন কৰে(MLA Ranjit kumar Das visited Barpeta Flood affected area) । উল্লেখ্য যে, কলগাছিয়াৰ কৰাৰকুৰত ২ নং বিকল্প ৰাজ্যিক ঘাইপথটো দুমাহ পূৰ্বে বেঁকী নৈৰ গৰাখহনীয়াৰ কৱলত পৰাত বৰপেটা জিলা প্ৰশাসনৰ নিৰ্দেশত জলসম্পদ বিভাগে পথটো ৰক্ষা কৰাৰ বাবে তৎকালীনভাৱে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কাম আৰম্ভ কৰিছিল ।

বেঁকী নদীৰ খহনীয়া পৰিদৰ্শন অভিভাৱক মন্ত্ৰী ৰঞ্জিত দাসৰ

গৰাখহনীয়া প্ৰতিৰোধৰ কাম লেহেমীয়া হোৱাত দুদিন পূৰ্বে নিশা হোৱা বৰষুণত পুনৰ পথটো বেঁকী নৈৰ খহনীয়াৰ কৱলত পৰি আধা অংশৰো বেছি পথ বেঁকী নৈৰ বুকুত জাহ যায় । বৰপেটাৰ অভিভাৱক ৰণজিৎ কুমাৰ দাসে আজি কৰাৰকুৰত উপস্থিত হৈ বেঁকী নৈৰ গৰাখহনীয়া পৰিদৰ্শন কৰে(MLA Ranjit kumar Das visited Barpeta) ।

পৰিদৰ্শন কালত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে কয় যে, বেঁকী নৈৰ গৰাখহনীয়াৰ বাবেই বৰপেটা-অভয়াপুৰীলৈ যোৱা বিকল্প ২ নং ৰাজ্যিক ঘাইপথটোত যাতায়াত ব্যাহত হৈ পৰিছে ।

বেঁকী নদীৰ খহনীয়া পৰিদৰ্শন অভিভাৱক মন্ত্ৰী ৰঞ্জিত দাসৰ

তেওঁ এই যাতায়াত ব্যৱস্থা অক্ষুন্ন ৰাখিবলৈ বিকল্প পথ নিৰ্মাণ কৰা হ’ব বুলি জানিবলৈ দিয়ে । ইয়াৰোপৰি বেঁকী নৈৰ মাটি বালিচহীয়া হোৱাৰ বাবেই গৰাখহনীয়া হৈ থাকে বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী সময়ত বেঁকী নৈৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ আশ্বাস দিয়ে ৷

লগতে পঢ়ক :কলগাছিয়াত বেঁকী নৈৰ বুকুত বিলীন 15 টাকৈ পৰিয়ালৰ ঘৰ-ভেটি

ABOUT THE AUTHOR

...view details