বৰপেটা, 19 ফেব্ৰুৱাৰী : ‘‘বিগত দুটা বছৰত অপৰাধীৰ মাজত পুলিচৰ ওপৰত জপিয়াই পৰাৰ প্ৰৱণতা বৃদ্ধি হৈছে’’ ৷ শনিবাৰে এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে (AIUDF MLA Hafiz Rafiqul Islam) ৷ ৰাজ্যত বৃদ্ধি পায় অহা এনকাউণ্টাৰ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সংবাদ মাধ্যমৰ আগত এই বক্তব্য আগবঢ়ায় বিধায়কগৰাকীয়ে ৷ তেওঁলোকৰ দল কেতিয়াও অপৰাধীৰ পক্ষত নহয় বুলি উল্লেখ কৰি বিধায়কগৰাকীয়ে বিষয়টো সন্দৰ্ভত পুনৰ কয় যে, অপৰাধীৰ শাস্তি প্ৰদান চৰকাৰ বা পুলিচৰ মন গ’লেই দিব নোৱাৰে ৷ অপৰাধীৰ শাস্তি নিৰ্ধাৰণ কৰিব আদালতে ৷ নিৰ্দিষ্ট বিচাৰ প্ৰক্ৰিয়াৰ মাজেদি অপৰাধীৰ শাস্তি হোৱাটো উচিত বুলি বিধায়কগৰাকীয়ে মতামত আগবঢ়ায় (MLA Rafiqul Islam critisise Assam Govt) ৷
ৰাজ্যত শেহতীয়াকৈ সংঘটিত শ্বাহ আলম তালুকদাৰৰ এনকাউণ্টাৰটোৰ প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে বিধায়কগৰাকী (Shah Alam encounter) ৷ তেওঁ কয় যে, ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰায়ে ৰাজ্যৰ আৰক্ষী বিভাগটো স্মাৰ্ট বুলি দাবী কৰা পৰিলক্ষিত হয় ৷ কিন্তু স্মাৰ্ট পুলিচৰ বেষ্টনীৰ পৰা অপৰাধী বাৰাম্বাৰ কেনেকৈ পলায় সাৰিবলৈ সক্ষম হয় বুলি ৰাজ্য চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰে ৷ ন্যায়ালয়ক ইয়াৰ সমাধান দিয়াৰ বাবে আহ্বান জনায় বিধায়কগৰাকীয়ে (AIUDF MLA slams Assm CM) ৷
বৰ্তমানৰ চৰকাৰখনৰ দিনত ৰাজ্যত মুক্ত হত্যা চলিছে বুলি উল্লেখ কৰি বিধায়কগৰাকীয়ে চৰকাৰে যেতিয়াই তেতিয়াই হকে-বিহকে বুলড’জাৰ তথা উচ্ছেদ চলোৱা নীতিৰ বিৰোধিতা কৰাৰ লগতে এনকাউণ্টাৰ নীতিৰো তীব্ৰ সমালোচনা কৰে । ৰাজ্যত পূৰ্বে গুপ্তহত্যা সংঘটিত হৈছিল আৰু বৰ্তমান মুক্তহত্যা চলিছে বুলি বিধায়ক ইছলামে চৰকাৰখনৰ বিৰুদ্ধে অভিযাগ আনে ।