অসম

assam

ETV Bharat / state

বজালীৰ ভিন্ন প্ৰান্ত পৰিদৰ্শন বিধায়ক পবিন্দ্ৰ ডেকাৰ

লক ডাউনৰ নীতি নিয়ম মানি শনিবাৰে বজালীৰ ভিন্ন প্ৰান্ত পৰিদৰ্শন কৰে পাটাছাৰকুছিৰ বিধায়ক পবিন্দ্ৰ ডেকাই ।

mla pabin deka visited bajali
mla pabin deka visited bajali

By

Published : Apr 11, 2020, 4:01 PM IST

পাঠশালা, 11 এপ্ৰিলঃ শনিবাৰে বজালীৰ ভিন্ন প্ৰান্ত পৰিদৰ্শন কৰে পাটাছাৰকুছিৰ বিধায়ক পবিন্দ্ৰ ডেকাই । দুৰ্যোগৰ সময়ত ৰাইজৰ অভাৱ অভিযোগ আৰু দুৰ্দশাৰ বিষয়ে বুজ ল'বলৈ লক ডাউনৰ নীতি নিয়ম মানি ভিন্ন স্থান পৰিদৰ্শন কৰে বিধায়ক গৰাকীয়ে । বিধায়ক গৰাকীয়ে পঞ্চায়ত সমূহত ৰাইজে চৰকাৰে দিয়া সা-সুবিধা সমূহ ভালদৰে পাইছেনে নাই সেই বিষয়ে এক পৰ্যালোচনা কৰি থকা বুলি জানিবলৈ দিয়ে । ইতিমধ্যে 17 খন পঞ্চায়তৰ ভিতৰত 8 খন পঞ্চায়তৰ পৰ্যালোচনা সম্পূৰ্ণ হ'ল বুলি জানিবলৈ দিয়ে তেওঁ । এনে সময়ত চৰকাৰে বিভিন্ন সাহায্য সামগ্ৰী দি ৰাইজক সহায়ৰ হাত আগবঢ়াইছে । কিন্তু তাৰ মাজতো উত্থাপিত কিছুমান অভিযোগ অনুসৰি বহুতো লোকে তেওঁলোকৰ প্ৰাপ্য পোৱা নাই । যাৰ বাবে যিকোনো সমস্যা সম্পৰ্কে অভিযোগ দিবৰ বাবে প্ৰতিটো মহকুমাতে হেল্পলাইন নম্বৰৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনায় বিধায়ক পবিন ডেকাই ।

বজালীৰ ভিন্ন প্ৰান্ত পৰিদৰ্শন বিধায়ক পবিন্দ্ৰ ডেকাৰ

ABOUT THE AUTHOR

...view details