বৰপেটাৰোড, 12 মে’ : ‘‘আগন্তুক 13 মে’ৰ কৰ্ণাটক নিৰ্বাচনৰ ফলাফলত দুধ কা দুধ পানী কা পানী হৈ পৰিব ৷ কৰ্ণাটকৰ নিৰ্বাচনী ফলাফলে আগন্তুক 2024 চনৰ সাধাৰণ নিৰ্বাচনত কি হ’ব তাৰেই ইংগিত দিছে ।’’ এই মন্তব্য কৰে সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে (MLA Manoranjan Talukdar comment on Karnataka election result 2023) ৷
তেওঁ আৰু কয়, ‘‘মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এবছৰৰ ভিতৰত গণি গণি এক লাখ চাকৰি দিম বুলি প্ৰতিশ্ৰুতি দিছিল । কিন্তু বিগত 2022 চনৰ 10 মে’ তাৰিখে এবছৰ অতিক্ৰম হৈ 2023 চনৰ 10 মে’ পাৰ হৈ গৈছে । কিন্তু দুবছৰলৈকে সেই এক লাখ চাকৰি দিয়াৰ কোনো বাস্তবিকতা নাই ৷ বৰ বেছি 64/65 হাজাৰ চাকৰি হ’ব পাৰে’’ ৷ আনকি ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীক গিনিপিগ সজাই তুচ্ছতাছিল্য তথা প্ৰতাৰণা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জয়ঢোল বজাবলৈ লৈছে বুলি মত প্ৰকাশ কৰে বিধায়ক তালুকদাৰে (MLA Manoranjan Talukdar criticized Assam CM) ৷
‘‘বিজেপিয়ে ৰাজ্যৰ শাসনভাৰ লোৱাৰ 7 বছৰ অতিক্ৰম কৰিছে ৷ কিন্তু মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কিয় বিজেপিৰ 2 বছৰীয়া বৰ্ষপূৰ্তি পাতিছে ? বিজেপি চৰকাৰৰ 7 বছৰীয়া কাৰ্যকালত কোনো সাফলতা নাই ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ 5 বছৰীয়া শাসনক ঢাকি ৰাখি বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই দ্বি বাৰ্ষিকী পালন কৰিবলৈ কি আছে ?’’ সংবাদ মাধ্যমৰ আগত এই প্ৰশ্ন উত্থাপন কৰে বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷
‘‘গুৱাহাটীত কেইখনমান ফ্লাই অভাৰ ব্ৰীজ আৰু কেইখনমান মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিলেই ৰাজ্যৰ উন্নয়ন নহয় ৷ দেশৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰগ্ৰেছ ইণ্ডেক্ছৰ যি ৰিপ’ৰ্ট আহিছে সেই ৰিপ’ৰ্ট মতে দেশৰ 36 খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান হৈছে 34 নম্বৰ ৷ মাত্ৰ বিহাৰ আৰু ঝাৰখণ্ডৰ ওপৰত আছে অসম ৷ A কেটিগৰী, B কেটেগৰী আৰু A প্লাচ কেটেগৰীত অসমৰ স্থান নাই ৷ পাঁচখন ৰাজ্যৰ ভিতৰত অসমক অন্তৰ্ভুক্ত কৰাৰ দম্ভালি মাৰা ড৹ শৰ্মাই অসমত কি সাফল্য অৰ্জন কৰিছে ?’’ এয়া সৰভোগৰ বিধায়কগৰাকীৰ মন্তব্য ৷