অসম

assam

By

Published : Apr 29, 2022, 7:35 PM IST

ETV Bharat / state

জিগনেশ মেৱানীক সাক্ষাৎ কমলাক্ষ্য দে' পুৰকায়স্থৰ

শুকুৰবাৰে গুজৰাটৰ কংগ্ৰেছী বিধায়ক জিগনেশ মেৱানীক জামিন মঞ্জুৰৰ পূৰ্বে বিধায়কগৰাকীক সাক্ষাৎ কৰে কংগ্ৰেছ বিধায়ক কমলাক্ষ্য দে' পুৰকায়স্থই (Kamalakhya Dey Purkayastha meets Jignesh Mevani) ৷ বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি ৰহিম খানৰ সৈতে বৰপেটা সদৰ খানাত উপস্থিত হৈ জিগনেশ মেৱানীৰে প্ৰায় ২০ মিনিট কথা-বতৰা হয় ৷

Kamalakhya Dey Purkayastha meets Jignesh Mevani
জিগনেশ মেৱানীক সাক্ষাৎ কমলাক্ষ্য দে' পুৰকায়স্থৰ

বৰপেটা, ২৯ বৰপেটা : বৰপেটা সদৰ থানাত কংগ্ৰেছ বিধায়ক কমলাক্ষ্য দে' পুৰকায়স্থ ৷ বৰপেটা সদৰ থানাত(Barpeta police station) আৰক্ষী জিম্মাত থকা গুজৰাটৰ কংগ্ৰেছী বিধায়ক জিগনেশ মেৱানীক সাক্ষাৎ কৰে কমলাক্ষ্য দে' পুৰকায়স্থই (Kamalakhya Dey Purkayastha meets Jignesh Mevani) ৷ বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি ৰহিম খানৰ সৈতে বৰপেটা সদৰ থানাত উপস্থিত হৈ জিগনেশ মেৱানীক সাক্ষাৎ কৰি প্ৰায় ২০ মিনিট ধৰি কথা পাতে ৷ বৰ্তমান দেশত কোনো লোকে প্ৰধানমন্ত্ৰীক সমালোচনা কৰিলেই তেওৰ বিৰুদ্ধে চিআইডি, চিবিআই, আইবি, ইডি, এন্টি কৰাপছন লগাই দিয়াৰ পৰম্পৰা আৰম্ভ হৈছে বুলি কংগ্ৰেছ বিধায়ক কমলাক্ষ্য দে' পুৰকায়স্থৰ মন্তব্য ৷

জিগনেশ মেৱানীক সাক্ষাৎ কমলাক্ষ্য দে' পুৰকায়স্থৰ

জিগনেশ মেৱানীৰে সাক্ষাৎকালত কংগ্ৰেছ বিধায়ক কমলাক্ষ্য দে' পুৰকায়স্থৰ আগত মেৱানীয়ে অসমৰ সংস্কৃতি পৰম্পৰাৰ লগতে শংকৰদেৱ আৰু মাধৱদেৱৰ কথা কোৱা বুলিও প্ৰকাশ কৰে ৷ জিগনেশ মেৱানীৰ বিৰুদ্ধে ৰাজ্যৰ আন কোনো থানাত গোচৰ ৰুজু হৈ আছে নেকি সেই সম্পৰ্কে দলে খবৰ লৈ আছে বুলি জানিবলৈ দিয়ে ৷ চৰকাৰৰ নিৰ্দেশতে জিগনেশ মেৱানীৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা ল’বলগীয়া হোৱাৰ কথাও উল্লেখ কৰে কংগ্ৰেছ বিধায়ক কমলাক্ষ্য দে' পুৰকায়স্থই ৷

উল্লেখ্য যে, ৫ দিনৰ আৰক্ষী জিন্মাত থকা জিগনেশ মেৱানীক শুকুৰবাৰে বৰপেটা সত্ৰ ন্যায়াধীশৰ আদালতে জামিন মঞ্জুৰ কৰে (Jignesh Mevani granted bail)৷ বৃহস্পতিবাৰে শুনানি হৈ যায় যদিও ৰায়দান স্থগিত ৰাখি শুকুৰবাৰে আৰক্ষীৰ পৰা কেচ ডায়েৰী বিচাৰি নিৰ্দেশনা দিছিল ৷ কেচ ডায়েৰী লাভ কৰাৰ পাছতে শুকুৰবাৰে জিগনেশ মেৱানীৰ জামিন মঞ্জুৰ কৰে আদালতে ৷

লগতে পঢ়ক:Jignesh Mevani updates: বৰপেটাৰ গোচৰত জামিন লাভ জিগনেশ মেৱানীৰ

ABOUT THE AUTHOR

...view details