বৰপেটা 24 অক্টোৱৰ: বিধায়ক উন্নয়ন পূঁজিৰ ধনেৰে শনিবাৰে জাকিৰ হুছেইন শিকদাৰে ভক্তৰডবাত ৰাইজৰ বাবে মুকলি কৰিলে এখন এম্বুলেঞ্চ ৷ এম্বুলেঞ্চ মুকলি কৰি কেতবোৰ বিস্ফোৰক মন্তব্য সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ ৷ 5 বছৰৰ উন্নয়ন আৰু বিকাশৰ পৰিৱৰ্তে ৰাজ্যৰ বিজেপি চৰকাৰে হিন্দু মুছলমানৰ ইছ্যুক লৈ 21 ৰ নিৰ্বাচন জয়ৰ পৰিকল্পনা কৰা বুলি ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে বিধায়ক গৰাকীয়ে ৷ ইয়াৰ ওপৰিও 5 বছৰত কৰা ৰাজ্যৰ উন্নয়নৰ কথাৰে ৰাইজৰ কাষ চপাৰ পৰিৱৰ্তে মোগলৰ প্ৰসংগ, আজমল মুখ্যমন্ত্ৰী হব, 65/35 শতাংশৰ মাজত যুঁজ হ'ব আদি কথাবোৰৰ জৰিয়তে চাৰে চাৰি বছৰীয়া কাৰ্যকালত চৰকাৰখনে যে কোনো উন্নয়ন কৰিব নোৱাৰিলে তাকেই প্ৰমাণ কৰিছে বুলি মন্তব্য কৰে বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৷
বৰপেটাৰ সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়কৰ দ্বাৰা এম্বুলেঞ্চ মুকলি - MLA Jakir Hussain Sikdar's comment about 2021 assembly election
এম্বুলেঞ্চ মুকলিৰ অনুষ্ঠানত ভাগ লৈ 2021ৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত কেতবোৰ বিস্ফোৰক মন্তব্য কৰে বিধায়ক গৰাকীয়ে ৷ লগতে শাসনাধিষ্ঠ বিজেপি চৰকাৰক কটু সমালোচনা কৰে সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৷
বৰপেটাৰ সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়কৰ দ্বাৰা এম্বুলেঞ্চ মুকলি
লগতে 2016 ৰ নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতিৰ 80 শতাংশই পালন কৰিব পৰা নাই বুলিও ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সমালোচনা কৰে বিধায়ক গৰাকীয়ে ৷ সেইবাবেই অসমৰ ৰাইজক ধৰ্ম আৰু জাতিৰ নামত দুভাগ কৰিব বিচাৰিছে চৰকাৰে ৷ বিজেপিৰ টেঙা আম অসমৰ ৰাইজে দ্বিতীয়বাৰৰ বাবে নাখায় বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে ৷
TAGGED:
ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা