বৰপেটা,২৮ জুলাই: ৰাষ্ট্ৰপতি নিৰ্বাচনত ক্ৰ'ছ ভোটিং বিতৰ্কৰ নতুন মোৰ(Cross voting controversy in presidential election) ৷ কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰে অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদৰ বিৰুদ্ধে ৰুজু কৰিলে মানহানি গোচৰ(Zakir Hussain Sikdar files defamation case against Dulu Ahmed) ৷ বৰপেটা সদৰ থানাত দুলু আহমেদৰ বিৰুদ্ধে সৰুক্ষেত্ৰীৰ কংগ্ৰেছী বিধায়ক তথা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে দাখিল কৰিলে এজাহাৰ ৷ ৰাষ্ট্ৰপতি নিৰ্বাচনত কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰে দ্ৰৌপদী মুৰ্মুক ভোট দিয়া বুলি দুলু আহমেদে কৰা অপপ্ৰচাৰৰ বিৰুদ্ধে মানহানি গোচৰ তৰে বিধায়কগৰাকীয়ে ৷
ইপিনে ৰাষ্ট্ৰপতি নিৰ্বাচনত কংগ্ৰেছৰ কেবাজনো বিধায়কৰ ক্ৰছ ভোটিং সন্দৰ্ভতো কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে কেতবোৰ বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হয় । তেওঁ কয় যে কংগ্ৰেছৰ গাড্ডাৰ বিধায়কৰ চিনাক্তকৰণ প্ৰক্ৰিয়া চলি আছে ৷ গাড্ডাৰ সকলৰ বিৰুদ্ধে অচিৰেই ব্যৱস্থা লোৱা হব ৷