অসম

assam

ETV Bharat / state

আৰ্থিক সংকটৰ বলি হৈ আত্মহত্যা তিনিজন চালকৰ ! - বিধায়ক জাকিৰ হুছেইন শিকদাৰ

লক ডাউনৰ ফলত আৰ্থিক সংকটৰ বলি হৈ আত্মহত্যা কৰে বৰপেটাৰ তিনিজন লোকে ৷ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হয় বিধায়ক জাকিৰ হুছেইন শিকদাৰ ৷

MLA JAKIR HUSEIN ATTENDED AT BARPETA
আৰ্থিক সংকটৰ বলি হৈ আত্মহত্যা তিনিজন চালক !

By

Published : Jul 18, 2020, 6:10 PM IST

বৰপেটা, ১৮ জুলাইঃৰাজ্যত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ আৰু লক ডাউনৰ ফলত ৰাজ্যৰ লক্ষ লক্ষ শ্ৰমজীৱি লোক কৰ্মহীন হৈ পৰিব লগীয়া পৰিস্থতিৰ সৃষ্টি হৈছে ৷ ফলত সন্মুখীন হৈছে চৰম আৰ্থিক সংকটৰ ৷ এনে এক অভাৱনীয় পৰিস্থিতিৰ বলি হৈ বহু পৰিয়ালে অন্নমুঠিৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ আৰ্থিক সংকটৰ সন্মুখীন হৈ বৰপেটাৰ তিনিজনকৈ গাড়ীচালকে ইতিমধ্যে আত্মহত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷

আৰ্থিক সংকটৰ বলি হৈ আত্মহত্যা তিনিজন চালকৰ !

তেনে এক অনুৰূপ ঘটনা সংঘটিত হয় বৃহস্পতিবাৰে নিশা ৷ আৰ্থিক সংকটৰ বলি হৈ আত্মহত্যা কৰে বৰপেটাৰ বাছ চালক অমেন দাসে ৷ আনহতে কিছুদিনপূৰ্বে নিকুঞ্জ দাস আৰু বাপন দাস নামৰ আন দুগৰাকী গাড়ী চালকেও আৰ্থিক দূৰৱস্থাৰ বাবে লৈছিল আত্মহত্যাৰ দৰে চৰম সিদ্ধান্তৰ ৷ লক ডাউনৰ ফলত এনেদৰে আৰ্থিক সংকটৰ সন্মুখীন হৈ জীৱনৰ চৰম সিদ্ধান্ত বাচি ল'বলৈ বাধ্য হোৱা অমেন দাসৰ ঘৰত শনিবাৰে উপস্থিত হয় সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ ৷ বিধায়কগৰাকীয়ে পৰিয়ালটোত উপস্থিত হৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ লগতে শ্ৰমজীৱি পৰিয়ালসমুহৰ দূৰ্দশাৰ বুজ ল'বলৈ চৰকাৰলৈ আহ্বান জনায় ৷

আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক মন কী বাতৰ পৰিৱৰ্তে দেশৰ জনসাধাৰনে ভোগ কৰি অহা দুৰ্দশাৰ খবৰ লোৱাৰ বাবে ঘৰ কী বাত,গাঁও কী বাত পাতিবলৈ আহ্বান জনায় বিধায়ক গৰাকীয়ে ৷ উক্ত ঘটনাৰ বাবে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি সমগ্ৰ অঞ্চলটোত ৷

লগতে পঢ়ক- সুশান্তৰ আত্মহত্যাৰ ঘটনা সন্দৰ্ভত আদিত্য চোপ্ৰাৰ বিবৃতি

ABOUT THE AUTHOR

...view details