জনিয়া, 29 আগষ্ট :সৰুক্ষেত্ৰী সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী মিনাক্ষী ৰহমানৰ স্বামী চাইবুৰ ৰহমানৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ তদন্ত চলি থকাৰ সময়তে ভৱানীপুৰ সমষ্টিৰ বিধায়ক তথা ধন কুবেৰ ফণীধৰ তালুকদাৰে এ আই ইউ ডি এফ (AIUDF) ত্যাগ কৰি বিজেপিলৈ গমন কৰাৰ বাতৰিয়ে এতিয়া সৃষ্টি কৰিছে ৰহস্যৰ । প্ৰশ্ন উত্থাপন হৈছে, মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ তদন্তৰ ভয়তে বিজেপিলৈ পলাব খুজিছে নেকি ফণীধৰ তালুকদাৰ ?
জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, বিজেপি হ’ল "ৱাচিং মেচিন" ৷ দুৰ্নীতিগ্ৰস্তসকলে বিজেপিত যোৱাৰ পিছত গাখীৰত ধুই পৰিস্কাৰ হৈ পৰে । হাজাৰ দুৰ্নীতি কৰিলেও বিজেপিত যোৱাৰ পিছত তেওঁৰ কোনো দুৰ্নীতি নাথাকে । জনীয়াৰ বিধায়কগৰাকীয়ে প্ৰকৃততে এই মন্তব্যৰ দ্বাৰা ফণীধৰ তালুকদাৰৰ বিষয়ে আওপকীয়াকৈ বুজাব খুজিছে ৷