জনিয়া, 31 জুলাই:চৰকাৰী নীতি নিৰ্দেশনা মানি আগন্তুক ঈদত নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলৈ আহ্বান জনিয়াৰ বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামৰ ৷ মহামাৰী কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে এইবেলি মক্কাত হজ কৰা লোকৰ সংখ্যাও পূৰ্বতকৈ হ্ৰাস কৰা হয় ৷ সেয়েহে এই বাধ্যবাধকতাসমূহ যাতে সকলোৱে মানি চলে তাৰ বাবেও আহ্বান জনালে বিধায়কগৰাকীয়ে ৷ কিন্তু তাৰ মাজতে এক সমালোচনামূলক দৃষ্টিভংগীও বিধায়ক গৰাকীয়ে প্ৰকাশ কৰে সংবাদ মাধ্যমযোগে ৷
কৰ'ণা মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ সময়তো বজাৰ-সমাৰত দেখিবলৈ পোৱা গৈছে অগণন লোকৰ ভিৰ ৷ এই ক্ষেত্ৰত প্ৰশাসনে দৃষ্টি নিক্ষেপ কৰাটো অতিকৈ প্ৰয়োজনীয় বুলি উল্লেখ কৰে তেওঁ ৷ আনকি ভিন্ন সংবাদ মাধ্যম বা ৰাজনৈতিক অনুষ্ঠানত নেতাসকলৰ লগতো দেখিবলৈ পোৱা গৈছে বহু লোকৰ সমাগম ৷ এই অভিযোগ উত্থাপন কৰে বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামে ৷ এনেবোৰ ক্ষেত্ৰতো কঠোৰ হ'বলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে ৷