বৰপেটা, ২০ মে': মহামাৰী কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ কাৰণে দেশত চলি আছে ৪ ৰ্থ পৰ্যায়ৰ লকডাউন। লকডাউনৰ কাৰণে এই বেলি সমূহীয়া ঈদৰ নামাজ অনুষ্ঠিত নকৰিবলৈ বুধবাৰে সংবাদমেলযোগে ৰাইজক আহ্বান জনায় জনীয়া সমষ্টিৰ বিধায়ক ড০ হাফিজ ৰফিকুলে ।
ঈদত সমূহীয়া নামাজ অনুষ্ঠিত নকৰিবলৈ আহ্বান বিধায়কৰ - পৱিত্ৰ ঈদ
আগন্তুক ইছলাম ধৰ্মালম্বীলোকসকলৰ পৱিত্ৰ ঈদৰ সমূহীয়া নামাজ অনুষ্ঠিত নকৰিবলৈ বুধবাৰে সংবাদমেলযোগে আহ্বান জনাই জনীয়া সমষ্টিৰ বিধায়ক ড০ হাফিজ ৰফিকুলে । মহামাৰী কৰ'ণা ৰোধৰ বাবেই এনেদৰে আহ্বান জনাই বিধায়ক গৰাকীয়ে ।
ঈদত সমূহীয়া নামাজ অনুষ্ঠিত নকৰিবলৈ আহ্বান বিধায়কৰ
ঈদ উপলক্ষে কাপোৰৰ দোকান সমূহত অযথা ভিৰ কৰি বিপদ চপাই আনিবলৈ মানা কৰে বিধায়ক গৰাকীয়ে । লগতে সংবাদমেলত লকডাউনৰ বাবে বহিঃৰাজ্যত আৱদ্ধ হৈ থকা শ্ৰমিক সকলক স্বৰাজ্যলৈ ওভতাই আনিবলৈ অসম চৰকাৰক আহ্বান জনায় বিধায়কগৰাকীয়ে ।